/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-18/t0kefpk3/TEZPUR-18.jpg)
পুৰণি গাড়ীকেই ৰং সানি মহিন্দ্ৰা ডিলাৰত নতুন বুলি বিক্ৰী কৰাৰ অভিযোগ...
ডিজিটেল সংবাদ জামুগুৰিহাটঃ তেজপুৰ মিচন চাৰিআলিস্থিত মহাভৈৰৱ অট' এল এল পি (মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা) ডিলাৰে পুৰণি গাড়ীকেই ৰং-তেল ঘঁহি নতুনকৈ বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ এই অভিযোগ নদুৱাৰ সমষ্টিৰ পাচমাইল বিৰিয়া গাঁৱৰ আব্দুল কাচেমৰ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-18/z3aninl8/5bb24b8f-763c-42bb-a8d5-0907ddbf7f48.jpg)
যোৱা ২৩ আগষ্টত আব্দুল কাচেমে উক্ত ডিলাৰটোৰ পৰা ফাইনেঞ্চ কোম্পানীৰ জৰিয়তে প্ৰায় পাচঁ লাখ টকাৰ এখন অট' টেম্পো (BX-6) ক্ৰয় কৰিছিল ৷ গাড়ীখন ক্ৰয় কৰি অনাৰ ১৫ দিনৰ পাচতেই অচল হোৱাত গৰাকীয়ে ট্ৰেক্টৰ লগাই টানি নি ডিলাৰক গটাই দিয়ে ৷
প্ৰায় ডেৰ মাহৰ অন্তত ডিলাৰৰ কৰ্তৃপক্ষই গাড়ীখনৰ ইঞ্জিন মেৰামতি কৰি গৰাকীক খবৰ দিয়ে যদিও ২৬ হেজাৰ টকাৰ খৰছৰ বিল দাখিল কৰে ৷ গাড়ীৰগৰাকীয়ে এই ঘটনাত হতবাক হৈ ইঞ্চুৰেঞ্চৰ কথা কয় যদিও ইঞ্চুৰেঞ্চ ক্লেইম নাখাটে বুলি দাবী ধমকি দিহে পঠিয়াই দিয়ে ৷
গোটৰ পৰা নব্বৈ হাজাৰ টকা ধাৰ লৈ গাড়ীখন ক্ৰয় কৰি এতিয়া মাহিলী দহ হাজাৰ টকাকৈ গাড়ীৰ কিস্তি দিব নোৱাৰি চিন্তিত হৈ পৰিছে দুখীয়া কৃষক আব্দুল কাচেম৷
Also Read: ১৫ খন দেশৰ প্ৰতিনিধিৰে গুৱাহাটীত দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ...