Advertisment

ৰঙাপৰাত পুনৰ লাভ জেহাদৰ ঘটনাঃ পৰিচয় লুকুৱাই হিন্দু যুৱতীক পলুৱাই নিলে আছমত আলী নামৰ এজনে

ৰঙাপৰাত লাভ জেহাদৰ ঘটনা। ইছালাম ধৰ্মীয় এজন যুৱকে নিজৰ পৰিচয় লুকুৱাই হিন্দু বুলি পৰিচয় দি এগৰাকী হিন্দু ধৰ্মীয় যুৱতীক প্ৰেমৰ জালত বন্দী কৰি নিয়ে পলুৱাই।

author-image
Asomiya Pratidin
New Update
ৰঙাপৰাত পুনৰ লাভ জেহাদৰ ঘটনাঃ পৰিচয় লুকুৱাই হিন্দু যুৱতীক পলুৱাই নিলে আছমত আলী নামৰ এজনে

ডিজিটেল সংবাদ জামুগুৰিহাটঃ  শোণিতপুৰ জিলাৰ ৰঙাপৰাত এক লাভ জেহাদৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি ইছালাম ধৰ্মীয় এজন যুৱকে নিজৰ পৰিচয় লুকুৱাই হিন্দু বুলি পৰিচয় দি এগৰাকী হিন্দু ধৰ্মীয় যুৱতীক প্ৰেমৰ জালত বন্দী কৰিছিল।

Advertisment

এই প্ৰেমৰ জৰিয়তেই যুৱকনজনে যুৱতীগৰাকীক পলোৱাই নিয়ে। কিন্তু তাৰ পাছতহে উদ্ধাৰ হয় যুৱকজনৰ পৰিচয়। ভুৱা পৰিচয়েৰে হিন্দু যুৱতীক পলোৱাই নিয়া ইছলাম ধৰ্মীয় যুৱক জনৰ নাম আছমত আলী।

আছমত আলীৰ ঘৰ তেজপুৰৰ জুৰগড়ত বুলি জানিব পৰা গৈছে। যোৱা ২৮ ফেব্ৰুৱাৰীত ৰঙাপৰা চহৰৰ পৰা এগৰাকী হিন্দু যুৱতীক নানান প্ৰলোভনেৰে পলুৱাই নিয়াৰ অভিযোগ উঠিছে। এই অভিযোগৰ পাছতে আৰক্ষীয়ে আছমত আলী আৰু যুৱতীগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰে।

পাছত গোপন সূত্ৰৰ পম খেদি ৰঙাপৰা আৰক্ষীয়ে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা ভুক্তভোগী যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ লগতে আছমত আলীক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে তেওঁলোক চুবুৰীয়া ৰাজ্যখনৰ ডিৰাঙত আত্মগোপন কৰি আছিল। ৰঙাপৰা আৰক্ষীয়ে স্থানীয় আৰক্ষীৰ সহযোগত এই সফল অভিযান সম্পন্ন কৰে।

ইতিমধ্যে আৰক্ষীয়ে আছমত আলীক কাৰাগাৰলৈ নিক্ষেপ কৰিছে। এই ঘটনাক লৈ ৰঙাপৰাত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও কিছু মাহৰ পূৰ্বে এগৰাকী হিন্দু সম্প্ৰদায়ৰ চাহ বাগানৰ কিশোৰীক এগৰাকী ইছলামধৰ্মীয় যুৱকে ভুৱা পৰিচয়েৰে প্ৰেমৰ জালত বন্দী কৰি পলুৱাই নিছিল।

পাছত ভুক্তভোগী কিশোৰীৰ পৰিয়ালে যুৱকজনৰ সন্ধানত তেওঁৰ বাসগৃহত উপস্থিত হোৱাৰ পাছতহে ভুৱা পৰিচয়ৰ বিষয়ে অৱগত হৈছিল। এইদৰে অঞ্চলটোত পুনৰ অনুৰূপ ঘটনা সংঘটিত হোৱাত এতিয়া চিন্তিত হৈ পৰিছে একাংশ লোক। 

ৰঙাপৰা লাভ জেহাদ