ডিজিটেল সংবাদ ছয়দুৱাৰ: ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পিছতেই অসমৰ বিভিন্ন প্ৰান্তত দপদপাই থকা ভূ-মাফিয়া আৰু মাটিৰ দালালৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বাবে বহু ভূ-মাফিয়া আৰু মাটিৰ দালাল ৰঙা ঘৰৰ আলহী হ'ব লগা হৈছিল। সহজ সৰল লোকৰ তেজ শুহি খোৱা এই ভূ-মাফিয়া আৰু মাটিৰ দালালৰ বিৰুদ্ধে এতিয়াও মুখ্যমন্ত্ৰীৰ ঠায়ে ঠায়ে অভিযান অব্যাহত আছে যদিও গহপুৰত এটা ভূ-মাফিয়া চক্ৰৰ অত্যাচাৰত এতিয়া গভীৰ নিৰাপত্তাহীনতাত ভূগিবলগীয়া হৈছে এটা শিক্ষক পৰিয়াল।
অভিযোগ অনুসৰি ভূ-মাফিয়া চক্ৰটোৱে শিক্ষকগৰাকীৰ নিজৰ নামত নামজাৰি চলি থকা ম্যাদী মাটি চক্ৰটোৰ নামত নামজাৰি কৰি দিবলৈ ধাৰাবাহিক ভাবে আইনী ভাবুকি প্ৰদান কৰি আহিছে। উল্লেখযোগ্য যে গহপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাদলপথাৰ গাঁৱৰ ৩ নং ম্যাদি পট্টা আৰু ২৪৭ নং দাগৰ ৭ বিঘা ৩ লোচা বাওতলি মাটিৰ লগতে একেখন গাঁৱৰ ৩ নং ম্যাদি পট্টা আৰু ২৪৪ নং দাগৰ ২ বিঘা ২ কঠা ১৬ লোচা বাৰী শ্ৰেণী মাটি গহপুৰ বড়িগাঁও নিবাসী তথা শিক্ষক অৰুণ বৰাৰ নামত নামজাৰি চলি আছে।
হাত চিঠাৰ চক্ৰ বিষয়াৰ ৭/৬/১৩ ৰ হুকুম মতে উক্ত মাটি উত্তৰাধিকাৰি সূত্ৰে অৰুণ বৰাৰ নামত নামজাৰি হোৱাৰ পিছত তেওঁ তেতিয়াৰে পৰা তেওঁৰ নিজা নামত আজি পর্যন্ত খাজানা দি আহিছে। এইক্ষেত্ৰত প্ৰাপ্ত তথ্য অনুসৰি- অৰুণ বৰাৰ মাতৃ আছিল মিনা গগৈ।
মিনা গগৈৰ পিতৃ সোমেশ্বৰ গগৈৰ উত্তৰাধিকাৰী মিনা গগৈৰ বাহিৰে আন কোনো নথকাত সোমেশ্বৰ গগৈৰ বিয়োগ হোৱাৰ পিছত উক্ত তপশীলৰ মাটি উত্তৰাধিকাৰী সূত্ৰে অৰুণ বৰাৰ মাতৃ মিনা গগৈৰ নামত নামজাৰি হয়। পূৰ্বতে উক্ত তপশীলৰ মাটি অৰুণ বৰাৰ আজুককা উমাই আহোমৰ নামত নামজাৰি হৈ আছিল।
অৰুণ বৰাৰ মাতৃ মিনা গগৈ বিয়োগ হোৱাৰ পিছত পৰৱৰ্তী পৰ্যায়ত উক্ত তপশীলৰ মাটি চৰকাৰী বিধি অনুসৰি উত্তৰাধিকাৰী সূত্রে অৰুণ বৰাৰ নামত নামজাৰি হয়।উক্ত তপশীলৰ বাদলপথাৰ গাঁৱৰ ৩ নং ম্যাদি পট্টা, ২৪৪ নং দাগৰ ২ বিঘা ২ কঠা ১৬ লোচা বাৰি মাটি ইতিমধ্যে মিনাৰাম বৰুৱা(পিতা:থুলেশ্বৰ) সহ দুটা পৰিয়ালে বেদখল চলাই অৰুণ বৰাৰ ম্যাদি মাটিৰ ভোগ দখল কৰি আহিছে।
ইয়াৰ পিছত আকৌ মিনাৰাম বৰুৱা নামৰ বেদখলকাৰীজনক হাথিয়াৰ হিচাপে লৈ গহপুৰ নগৰৰ নিজ গহপুৰৰ এগৰাকী ভূমাফিয়াই অৰুণ বৰাৰ নামত থকা বাদলপথাৰ গাঁৱৰ ৩ নং ম্যাদি পট্টাৰ ২৪৪ নং দাগৰ ২ বিঘা ২ কঠা ১৬ লোচা বাৰী শ্ৰেণী মাটি আৰু ২৪৭ নং দাগৰ ৭ বিঘা ৩ লোচা বাওতলি মাটি বলপূৰ্বক ভাবে নিজৰ নামত উঠাই ল'বলৈ নানান কূটকৌশল অৱলম্বন কৰি অৰুণ বৰাৰ পৰিয়ালটোক ধাৰাবাহিক ভাবে আইনী ভাবুকি দেখুৱাই আহিছে।
আনকি ভূ-মাফিয়া চক্ৰটোৱে অৰুণ বৰাৰ বিৰুদ্ধে বিভিন্ন মনে সজা গোচৰ দি মানসিক ভাৱে হাৰাশাস্তি কৰি আহিছে।মিনাৰাম বৰুৱাক হাথিয়াৰ হিচাপে লৈ নিজ গহপুৰৰ উক্ত ভূমাফিয়া চক্ৰটোৱে উক্ত তপশীলৰ মাটিৰ বিবাদ সম্পৰ্কে গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত তৰা এক গোচৰৰ ভিত্তিত গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনীষ ভড়ালীয়ে যোৱা ১৫ মাৰ্চ ২০২৪ ত দিয়া ২৬০ নং হুকুমত অৰুণ বৰাৰ পক্ষে প্ৰতিবেদন প্ৰদান কৰিছে।
চক্ৰ বিষয়াৰ মণিষ ভড়ালীৰ উক্ত প্ৰতিবেদনৰ হুকুমত উল্লেখ কৰা অনুসৰি-বিশ্বনাথ জিলাৰ গহপুৰ মৌজাৰ বাদল পথাৰ গাঁৱৰ ৩ নং ম্যাদী পট্টাৰ ২৪৪ নং দাগে ২ বিঘা ২ কঠা ১৬ লোচা বাৰী শ্ৰেণী মাটি ভূমি লেখ্য নথিত (হাতৰ জমাবন্দীত) শ্ৰীঅৰুণ বৰা, পিতা-ডিম্ব নামে নামাজাৰী হৈ চৰকাৰী ৰাজহ পৰিশোধ কৰি আছে।
চৰজমিণ তদন্ত কালত দেখা যায় যে উক্ত মাটি শ্ৰী মিনাৰাম বৰুৱা, পিতা-থুলেশ্বৰ সহ অন্যান্য দুগৰাকী ব্যক্তিয়ে ভোগ দখল কৰি আছে। চক্ৰ বিষয়াৰ হুকুমত আৰু উল্লেখ কৰা অনুসৰি-উক্ত পট্টাৰে ২৪৭ নং দাগে ৭ বিঘা ৩ লোচা মাটি ভূমিলেখ্য নথিত (হাতৰ জমাবন্দীত) শ্ৰী অৰুণ বৰা,পিতা-ডিম্ব নামে পট্টা চলি আছে।ক্ষেত্ৰতদন্তৰ সময়ত উক্ত দাগৰ মাটি চন পৰি থকা দেখা যায় বুলি চক্ৰ বিষয়াই দিয়া হুকুমৰ প্ৰতিবেদনত উল্লেখ আছে।
চক্ৰ বিষয়াৰ প্ৰতিবেদনত স্পষ্ট ৰূপত প্ৰকাশ পাইছে দুয়োটা তপশীলৰ উক্ত মাটি অৰুণ বৰাৰ নামত নামজাৰি চলি আছে আৰু অৰুণ বৰাই চৰকাৰী খাজনা আদায় দি আহিছে। কিন্তু আচৰিত কথা এয়ে যে মিনাৰাম বৰুৱাক হাথিয়াৰ হিচাপে লৈ অৰুণ বৰাৰ সমূদায় মাটি হস্তগত কৰিবলৈ কৌশল তৈয়াৰ কৰা ভূ-মাফিয়া চক্ৰটোৱে গহপুৰ ৰাজহ চক্ৰৰ ১৫ মাৰ্চ ২০২৪ ৰ উক্ত হুকুমক অবমাননা কৰি শেহতীয়াভাবে বিশ্বনাথ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত(ৰাজহ)ৰ কাৰ্য্যলয়ত পূৰ্বৰ দৰে আকৌ অৰুণ বৰাৰ ওপৰত আন এটা ভুৱা গোচৰ তৰি শিক্ষক পৰিয়ালটোৰ ওপৰত আতিশাৰ্য্য চলাইছে।
শিক্ষক অৰুণ বৰাৰ নিজা নামত থকা ম্যাদি মাটিক হস্তগত কৰিবলৈ শিক্ষক পৰিয়ালটোক ধাৰাবাহিক ভাবে আইনী হাৰাশাস্তি কৰি অহা ভূ-মাফিয়া চক্ৰটোৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিশ্বনাথ জিলাৰ জিলা আয়ুক্তৰ লগতে গহপুৰ মহকুমাৰ মহকুমাধিপতিৰ কঠোৰ পদক্ষেপ কামনা কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।
উল্লেখযোগ্য যে-মিনাৰাম বৰুৱাক হাথীয়াৰ হিচাপে লৈ নিজ গহপুৰৰ এগৰাকী ৰহস্যময়ী মহিলাই শিক্ষক পৰিয়ালটোৰ ওপৰত আইনী আতিশাৰ্য্য চলাই অহা বুলি অভিযোগ পোৱা গৈছে।