জামুগুৰিহাটৰ মৰিসুতিত কৰম উৎসৱ উদযাপন

জামুগুৰিহাটৰ মৰিসুতিত কৰম উৎসৱ উদযাপন

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ মৰিসুতিত কৰম উৎসৱ উদযাপন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ মৰিসুতি বিৰছা ভৱনৰ প্ৰাঙ্গনত ধলাইবিল পেৰিছৰ 'ধান গলা' ও 'চাউল গলা' গোটৰ উদ্যোগত শনিবাৰে ষষ্ঠ বাৰ্ষিক কৰম উৎসৱ উদযাপন কৰা হয়৷ উক্ত অনুষ্ঠানটিত মূখ্য অতিথি হিচাপে উপস্থিত থাকে ধলাইবিল গীৰ্জাৰ ফাডাৰ চুচিল জন চৰেণ।

কৰম উৎসৱৰ শুভ উদ্বোধন কৰে উক্ত অনুষ্ঠানটিত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা ধলাইবিল গীৰ্জাৰ ফাডাৰ চুচিল জন চৰেণে৷ অনুষ্ঠানটিত পৰিৱেশন কৰা ঝুমুৰ নৃত্য আৰু মাদলৰ চেৱে সকলোৰে মন জয় কৰে৷

Also Read: উভতাই অনা হ'ল ছিকিমত আবদ্ধ অসমৰ ছাত্ৰ-ছাত্ৰী

karam utsav