/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/1116aae2-5880-424a-8a77-c085fb2d2b4c/gohpur_10.jpg)
ছহিদ কনকলতা বৰুৱা চিভিল হাস্পতালৰ প্ৰসূতি মাতৃক দিয়া খাদ্যত মৃত পঁইতাচোৰা...
ডিজিটেল সংবাদ ছয়দুৱাৰ: গহপুৰ নগৰৰ মাজমজিয়াত থকা ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত সন্তান জন্ম দিয়া এগৰাকী প্ৰসূতি মাতৃক খাদ্য যোগানীয়াৰে দিয়া ভাতত মৃত পঁইতাচোৰা ওলোৱাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্র গহপুৰ মহকুমাত। জানিব পৰামতে-গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰ ঘাঁহিগাঁও নিবাসী অমৰ(বাবু) সন্দিকৈৰ সন্তান সম্ভৱা পত্নী অঞ্জুমণি সন্দিকৈ(৩৩) প্ৰসৱ বেদনাত ভোগাৰ বাবে যোৱা ৮ আগষ্টৰ নিশা প্ৰায় ১ বজাত ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল।
সেই অনুসৰি চিকিৎসকৰ তত্বাৱধানত বুধবাৰে পুৱা প্ৰায় ৮ বজাত স্বাভাৱিক ধৰণে তেওঁ জন্ম দিয়ে এটি কন্যা সন্তান। সন্তান প্ৰসৱৰ পিছত চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসালয়খনতে থকা প্ৰসূতি মাতৃ অঞ্জুমণিক নিশা প্ৰায় ৮ বজাত নিশাৰ আহাৰ যোগান ধৰে চিকিৎসালয়খনত ৰোগীক খাদ্য যোগান দি অহা খাদ্য যোগানীয়াৰে। কিন্তু আশ্বৰ্য্যকৰ কথা এয়ে যে, প্ৰসূতি মাতৃ অঞ্জুমণিক যোগান ধৰা ভাতৰ লগত দিয়া পনীয়া দালীত ওলাল এটা মৃত পঁইতাচোৰা। সন্তান প্ৰসৱৰ পিছত অধিক ভোকাতুৰ হৈ থকা অঞ্জুমণিয়ে এনেদৰে খাদ্যৰ লগত মৃত পঁইতাচোৰা দেখা পোৱাত ঘিণ অনুভৱ কৰে লগে লগে ওকালি আহিবলৈ লয়।
পিছত তেওঁৰ স্বামীয়ে চৰকাৰী খাদ্যখিনি পেলাই দি হোটেলৰ পৰা কিনি অনা খাদ্য খুৱাবলগীয়া হয় পত্মীক। উল্লেখযোগ্য যে ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ উন্নীত হোৱা ১০০ খন বিছনাযুক্ত চিকিৎসালয়খন ৩০ খন বিছনাযুক্ত গহপুৰ মহকুমা অসামৰিক চিকিৎসালয় হৈ থকা সময়ৰ পৰা চিকিৎসাধীন ৰোগীসকলক খাদ্য যোগান ধৰি আহিছে নলবাৰীৰ দেবেন দাস নামৰ খাদ্য যোগানীয়াৰ জনে।
কিন্তু এইগৰাকী দেবেন দাস এদিনো নাহে চিকিৎসালয়খনলৈ। ইয়াৰ বিপৰীতে কোনোবা নদাই-ভদাইক চিকিৎসালয়খনত খাদ্য যোগানৰ দায়িত্ব দি মুনাফা লুটি আহিছে দেবেন দাসে।
অতি নিম্ন মাণদণ্ডৰ আৰু অতি কদৰ্য্য ভাৱে যোগান দি অহা ৰোগীৰ খাদ্যক লৈ চিকিৎসালয়খনৰ বাহিৰে-ভিতৰে ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে শেহতীয়াভাবে প্ৰসূতি মাতৃক যোগান দিয়া খাদ্যত মৃত পঁইতাচোৰা ওলোৱা কাৰ্য্যৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন। জানিব পৰামতে-খাদ্য যোগানীয়াৰ দেবেন দাসৰ তত্বাৱধানত দীপশিখা দাস নামৰ এগৰাকী স্থানীয় মহিলাই চিকিৎসালয়খনত যোগান ধৰি আহিছে ৰোগীৰ খাদ্য।
পুতিগোন্ধময় পৰিৱেশত প্ৰস্তুত কৰা অতি নিম্নমানৰ খাদ্য ৰোগীক যোগান দি অহা বুলি দীৰ্ঘদিনৰে পৰা দেবেন দাসৰ বিৰূদ্ধে অভিযোগ উথাপন হৈ আহিছে যদিও তেওঁৰ বিৰুদ্ধে আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। তদুপৰি খাদ্য সুৰক্ষা বিভাগেও আজিলৈকে চিকিৎসালয়খনৰ ৰোগীৰ খাদ্য প্ৰস্তুতৰ ব্যৱস্থা আৰু খাদ্যৰ ওপৰত চকু দিয়া পৰিলক্ষিত হোৱা নাই।
স্থানীয় ৰাইজে চিকিৎসালয়খনত ৰোগীক উন্নত মানৰ খাদ্য দিয়াৰ ওপৰত গুৰুত্ব দিবলৈ মহকুমা প্ৰশাসন আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত কঠোৰ দাবী জনাইছে।
Also Read: উন্নয়নৰ ফোপোলা স্বৰূপঃ হাতে হাতে কোৰ লৈ পথ মেৰামতিৰ বাবে ওলাই আহিল জনতা...