ধনদাবী কৰি ৰঙা ঘৰৰ আলহী অখ্যাত নিউজ প'ৰ্টেলৰ সাংবাদিক...

নদুৱাৰ পাঁচমাইলত আজি ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ’বলগীয়া হয় এটা নিউজ প’ৰ্টেলৰ সাংবাদিক। ধৃত সাংবাদিকগৰাকীৰ নাম মতিউৰ ৰহমান। তেওঁ এজন ব্যৱসায়ীৰ পৰা দাবী কৰিছিল ২০ হাজাৰ।

author-image
Tushar Pratim
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ জামুগুৰিহাটঃ  নদুৱাৰ পাঁচমাইলত আজি ধনদাবী কৰি ৰঙাঘৰৰ আলহী হবলগীয়া হয় এটা নিউজ পৰ্টেলৰ সাংবাদিক। জানিব পৰা মতে এটা অখ্যাত নিউজ পৰ্টেলৰ সাংবাদিক মতিউৰ ৰহমানে দেওবাৰে বৰঘাট আৰক্ষী চকী এলেকাৰ এটা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক ২০ হাজাৰ টকা দাবী কৰিছিল।

Advertisment

ধৃত মতিউৰ ৰহমানৰ ঘৰ পাঁচমাইল অঞ্চলৰ উৰিয়ামগুৰি গাঁৱত।অভিযোগ অনুসৰি পূৰ্বেও তেওঁ এইদৰে কেইবাবাৰো ধন দাবী কৰি ইতিমধ্যে প্ৰায় ২ লাখ টকা আদায় কৰিছে। দেওবাৰে নিশাও দাবী কৰা ধন নিবলৈ অহাৰ সময়তে স্থানীয় ৰাইজৰ সহযোগত মতিউৰক কৰায়ত্ত কৰে আৰু বৰঘাট আৰক্ষীক চমজাই দিয়ে।  

পাছত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীগৰাকীয়ে বৰঘাট আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সাংবাদিক মতিউৰ ৰহমানৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি তেওঁক জেৰা কৰে। আৰক্ষীৰ জেৰাত ধন দাবীৰ কথা স্বীকাৰ কৰে মতিউৰে।

আজি তেওঁক আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰে। সাংবাদিকৰ ৰূপত এইদৰে ধনদাবীৰ দৰে অবৈধ কামকাজত লিপ্ত থকা মতিউৰক কঠোৰ শাস্তি দিয়াৰ লগতে তেওঁৰ দৰেই অন্যান্য যিসকলে অনিৰূপ ধৰণে অবৈধ ধন দাবী কৰি আহিছে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণকৰ দাবী জনাইছে স্থানীয় ৰাইজে।

জামুগুৰিহাট জামুগুৰি