/asomiyapratidin/media/media_files/2025/04/23/nbvn6GvQw5xPfid3CgDx.jpg)
ডিজিটেল সংবাদ গহপুৰঃ ব্যক্তিৰ পৰা সমষ্টিলৈ গুছি যাব পৰা মানুহজন মানৱতাৰ বধ্যভূমিত থিয় হৈ আছে এজন স্থিতপ্ৰজ্ঞৰ দৰে। যি জন মানুহে জীৱন যাত্ৰাৰ সকলো প্ৰাত্যাহিক তুচ্ছতাক অতিক্ৰম কৰি মানৱতাৰ জয়গান গাই অহৰহ নিজকে নিমজ্জিত কৰি আহিছে পৰোপকাৰত।
গান্ধী দৰ্শনক চেতনাৰ গোলাপ জল বুলি ভাবি এই গোলাপ জলত গা নোৱাই ৰাষ্ট্ৰ, ধৰ্ম, জাতি-বৰ্ণ অতিক্ৰম কৰি সম অৰ্থত প্ৰকৃত মানৱ হিচাপে সকলোৰে মাজত প্ৰতিষ্ঠা লাভ কৰা এই মানৱদৰদী ব্যক্তিগৰাকীৰ নাম উদয় আদিত্য গোস্বামী। মানবীয় প্ৰমুল্যবোধ, সামাজিক দায়বদ্ধতা, প্ৰেম, ভাতৃত্ববোধ আদিৰ সম্পৰ্কক অধিক জীপাল কৰি ৰাখি জীৱনটোক ব্যতিক্ৰমী ৰূপত সজাই তুলিব বিচৰা উদয় আদিত্য গোস্বামীয়ে বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্র-ছাত্ৰীসকলৰ প্ৰতি প্ৰদৰ্শন কৰি আহিছে আন্তৰিকতাপূৰ্ণ সহায় আৰু সহানুভূতি।
উচ্চ শিক্ষা গ্ৰহণত ঘৰুৱা আৰ্থিক অৱস্থা বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিয়া দৰিদ্ৰ পৰিয়ালৰ বহু মেধাৱী শিক্ষাৰ্থীক পোহৰৰ বাট দেখুওৱা উদয় আদিত্য গোস্বামীয়ে এতিয়ালৈকে প্ৰায় ডেৰ শতাধিক আৰ্থিক দুৰ্বল পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীক আৰ্থিক সকাহ দি নি:স্বাৰ্থ ভাবে সহায় কৰিছে। তদুপৰি মেট্ৰিক উত্তীৰ্ণ দৰিদ্ৰ পৰিয়ালৰ ৫০ গৰাকী মেধাৱী শিক্ষাৰ্থীক তেওঁৰ মালিকনাধীন শংকৰদেৱ শিক্ষা নিকেতনৰ আৱাসত ৰাখি উচ্চতৰ মাধ্যমিকৰ দুটা বৰ্ষ বিনামূলীয়াকৈ পঢ়োৱাৰ বাবে তেওঁ গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
শেহতীয়াভাবে তেওঁ গহপুৰ পৌৰসভাৰ অন্তৰ্গত ধেনুধৰাৰ মেধাৱী ছাত্র জয়ন্ত মাধৱ গগৈৰ দুবছৰৰ পঢ়াৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে।উদয় আদিত্য গোস্বামীৰ মালিকনাধীন সোলেঙীৰ শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰত আৱাসিক ছাত্র হিচাপে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ দুটা বৰ্ষ বিনামূলীয়াকৈ অধ্যয়ন কৰিব জয়ন্ত মাধৱ গগৈয়ে।
/asomiyapratidin/media/media_files/2025/04/23/hV607xlneVdlnhUTB8St.jpeg)
উদয় আদিত্য গোস্বামীৰ এই মহানুভবতাই আৰ্থিক ভাবে দুৰ্বল পৰিয়ালটোক কৰি তুলিছে যথেষ্ট উৎসাহিত।এফালে আৰ্থিক দৈন্যতা আৰু আনফালে পুত্ৰৰ দুৰাৰোগ্য ৰোগ। কেওফালৰ পৰা ইটোৰ পিছত সিটো সমস্যাই জুমুৰী দি ধৰি অহা গহপুৰৰ ধেনুধৰাৰ বিপুল গগৈ আৰু কুঞ্জলতা গগৈৰ সুযোগ্য পুত্ৰ জয়ন্ত মাধৱ গগৈয়ে কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগৰ লগত ১০ বছৰে যুজঁ দি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত যুদ্ধজয়ৰ দৰে আজুৰি আনে অনাবিল সফলতা।
এটা তেনেই সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা জয়ন্ত মাধৱ গগৈৰ পিতৃয়ে গেছৰ ষ্টোভ মেৰামতি কৰি কোনোমতে ঘৰ চলাই আছে।পিতৃ এদিন কামলৈ নগ'লে ঘৰলৈ নচলে পৰিয়ালটোৰ।
ইপিনে দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোতেই থায়ৰডৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা জয়ন্ত মাধৱ গগৈক গুৱাহাটীৰ পৰা দিল্লী-চেন্নাইলৈ নি ব্যয়বহুল চিকিৎসা কৰি সৰ্বস্বান্ত হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো।থায়ৰডৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পিছত কথা কওতে যথেষ্ট কষ্ট অনুভৱ কৰা জয়ন্ত মাধৱ গগৈয়ে আৰ্থিক দৈন্যতা আৰু স্বাস্থ্যজনিত প্ৰতিবন্ধকতাক নেওচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গহপুৰ মহকুমাৰ ভিতৰত সৰ্বোচ্চ ৯৭ শতাংশ নম্বৰ লাভ কৰি কৃতিত্বৰ অধিকাৰী হৈছে।
/asomiyapratidin/media/media_files/2025/04/23/2kWQuhKodDDzZyFlTwnT.jpeg)
ৰোগ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া হোৱা দীঘলীয়া চিকিৎসা, নিয়মীয়াকৈ ল'বলগীয়া হোৱা ৰে' আৰু নিয়মীয়াকৈ সুদীৰ্ঘ দিন ঔষধ সেৱন কৰাৰ উপৰিও নিয়মিত স্বাস্থ্য পৰীক্ষাৰ মাজত দাৰিদ্ৰতাৰে যুজঁ দি চমকপ্ৰদ সফলতা লাভ কৰা জয়ন্ত মাধৱ গগৈয়ে ভৱিষ্যতে এগৰাকী ছফটৱেৰ ইঞ্জিনীয়াৰ হোৱাৰ সপোন পুহি ৰাখিছে। কিন্তু উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত এখন আগশাৰীৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰাৰ বাবে আৰ্থিক দৈন্যতা তেওঁৰ বাবে আছিল প্ৰধান অন্তৰায়।
কিন্তু শেহতীয়াভাবে উদয় আদিত্য গোস্বামীয়ে জয়ন্ত মাধৱ গগৈৰ দুবছৰৰ পঢ়াৰ দায়িত্ব গ্ৰহণ কৰাত উৎসাহিত হৈ পৰিছে জয়ন্ত মাধৱ গগৈৰ লগতে তেওঁৰ পিতৃ-মাতৃ।জয়ন্ত মাধৱ গগৈৰ প্ৰতি সহমৰ্মিতা দেখুওৱা উদয় আদিত্য গোস্বামীৰ এই মহানুভবতাক শলাগ লৈছে গহপুৰৰ বৌদ্ধিক সমাজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us