/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1835cb2f-dfb0-43f7-b46e-20f9288e0001/AP_FOR_WEB_1.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : ড্ৰেগন ফ্ৰুইটছৰ খেতি কৰি বিশেষ চৰ্চা লাভ কৰিছে জামুগুৰিহাটৰ এজন যুৱকে। জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ ২ নং বৰদিকৰাই গাঁৱৰ চত্ৰ বছনেট নামৰ উদীয়মান যুৱ-কৃষকগৰাকীয়ে এই খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে।
যি সময়ত ৰাজ্যৰ একাংশ যুৱকে কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যত গৈ শাৰীৰিক-মানসিক নিৰ্যাতনৰ বলি হৈছে, তেনে সময়ত চত্ৰ বছনেটে ঘৰতে থাকি কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈ পৰিয়াল ভৰণ-পোষণ দিবলৈ সক্ষম হোৱাত বহুতৰ বাবে আদৰ্শ হৈ পৰিছে ৷
বৰ্তমান তেওঁ এক বিঘা মাটিত ড্ৰেগন ফ্ৰুইটছৰ খেতি কৰিছে যদিও অনাগত দিনত তিনি বিঘালৈ সম্প্ৰসাৰণৰ প্ৰস্তুতি চলাইছে বুলি জানিবলৈ দিয়ে কৃষকগৰাকীয়ে ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ড্ৰেগন ফ্ৰুইটছৰ খেতি কৰি যথেষ্ট লাভাম্বিত হৈছে যুৱকজন।
Also Read: অনিৰ্দিষ্ট কাললৈ কমলাবাৰী নিমাতি ফেৰী সেৱা বন্ধৰ ঘোষণা...