উৰুখা পঁজাৰ পৰাই বুটলিল সফলতাৰ বাট...

জুইয়ে পোৰা সোণ হৈ জিলিকিল জামুগুৰিহাটৰ পাঁচিগাঁৱৰ টানিছ ছেত্ৰী...
উৰুখা পঁজাৰ পৰাই বুটলিল সফলতাৰ বাট...

ডিজিটেল সংবাদ, জামুগুৰিহাট : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হ’ল জামগুৰিহাটৰ এটি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ টানিছ ছেত্ৰী ৷ অধ্যয়ন কৰিবৰ বাবেও টানিছৰ নাছিল এখন পঢ়া টেবুল অথবা চকী ৷

বিছনাতে পঢ়ি টানিছ সক্ষম হ’ল ডিষ্টিং নম্বৰ লাভ কৰিবলৈ ৷ উল্লেখ্য যে, টানিছৰ পিতৃ লেখ বাহাদুৰ ছেত্ৰী জামুগুৰিহাটৰ পাঁচিগাঁৱৰ এগৰাকী তামোল-পান তথা শাক-পাচলীৰ ক্ষুদ্ৰ বিক্ৰেতা ৷ টানিছৰ সফলতাত পিতৃয়েও আশা কৰিলে পুত্ৰৰ উজ্বল ভৱিষ্যৎ।

চৰকাৰী বিদ্যালয় জামুগুৰি একাডেমী স্কুলৰ ছাত্ৰ তথা ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ লক্ষ্য বান্ধি লৈ ৮৭ শতাংশ নম্বৰৰে উত্তীৰ্ণ টানিছ ছেত্ৰীৰ এনে সফলতাত উৎফুল্লিত অঞ্চলবাসী ৷

উৰুখা পঁজাৰ পৰাই বুটলিল সফলতাৰ বাট...
পঞ্চায়তে পঞ্চায়তে কেলেংকাৰী: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত বাক্সাৰ দিহিৰাত অনিয়ম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in