জামুগুৰিহাটত চোৰাং কাঠসহ বাহন জব্দ

জামুগুৰি আৰক্ষীয়ে  চোৰাং কাঠ সহ গাড়ীখন বন বিভাগক চমজাই দিয়ে। জব্দকৃত চোৰাং কাঠখিনিৰ মূল্য লক্ষাধিক টকা হ'ব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ ...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ  জামুগুৰিহাটতমমমমমমম কৰা এখন বাহন যোৱা নিশা ৰাইজে হাতে-লোটে ধৰি আজি পুৱা আৰক্ষীক চমজাই দিয়ে। অৰুণাচলৰ পৰা চোৰাং কাঠ কঢ়িয়াই অনা AS-32-C-3621 নম্বৰৰ টাটা যুদ্ধা গাড়ীখন জামুগুৰিহাটৰ আগ্ৰিপামত ৰাইজে নিশা জব্দ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পাছতে জামুগুৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ চোৰাং কাঠসহ গাড়ীখন জব্দ কৰি আৰক্ষী থানালৈ লৈ আনে। অৱশ্যে আৰক্ষীৰ আগমনৰ পূৰ্বেই গাড়ী চালক আৰু হেন্দিমেন ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ জামুগুৰি আৰক্ষীয়ে  চোৰাং কাঠ সহ গাড়ীখন বন বিভাগক চমজাই দিয়ে। জব্দকৃত চোৰাং কাঠখিনিৰ মূল্য লক্ষাধিক টকা হ'ব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ ৷ 

জামুগুৰিহাট