জামুগুৰিহাটৰ খলিহামাৰীত ভয়াবহ বান পৰিস্থিতিঃ বিনিদ্ৰ ৰজনী ৰাইজৰ...

জামুগুৰিহাটৰ খলিহামাৰীত ভয়াবহ বান পৰিস্থিতিঃ বিনিদ্ৰ ৰজনী ৰাইজৰ...

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ খলিহামাৰীত ভয়াবহ বান পৰিস্থিতিঃ বিনিদ্ৰ ৰজনী ৰাইজৰ...

জামুগুৰিহাটৰ খলিহামাৰীত ভয়াবহ বান পৰিস্থিতিঃ বিনিদ্ৰ ৰজনী ৰাইজৰ...

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ খলিহামাৰীত ভয়াবহ হৈ পৰিছে বানপৰিস্থিতি। সংহাৰী ৰূপ ধাৰন কৰা বানৰ কৱলত ১ নং খলিহামাৰী আৰু ২ নং খলিহামাৰীকে ধৰি প্ৰায় ১০ খনকৈ গাঁৱৰ ৰাইজ।

Advertisment

ব্ৰহ্মপুত্ৰৰ উপ নৈ ঘিলাধাৰী নৈৰ পানী ফেনে ফুটুকাৰে উপচি পৰাত অঞ্চলটোৰ ন ন অঞ্চল প্লাবিত হৈ পৰিছে৷ যাৰ ফলত শংকিত হৈ পৰি বিগত দুদিন ধৰি বিনিদ্ৰ ৰজনী কটাইছে অঞ্চলবাসীয়ে।

বছৰৰ প্ৰথমটো বানত আক্ৰান্ত এইসকল ৰাইজে বৰ্তমানলৈকে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰনৰ বান সাহাৰ্য্য পোৱা নাই বুলি অভিযোগ কৰিছেৰাইজে৷ ইয়াৰ মাজতে কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ বানৰ কৱলত পৰি উটি অহা দুটাকৈ শৰ পহু আৰু কেটলা পহু খলিহামাৰীৰ সমীপৰ পানপুৰৰ বন্যপ্ৰাণী প্ৰেমী ৰাইজে আজি উদ্ধাৰ কৰি বনবিভাগক চমজি দিছে।

Also Read: লামডিঙত চিকিৎসক, চিকিৎসা কৰ্মীৰ বিশেষ সন্মানঃ কৰ্কট ৰোগৰ সন্দৰ্ভত সজাগতা সভা

জামুগুৰিহাট বানপানী