তৌভঙা বনিক সন্থাৰ সৌজন্যত দুৰ্গা পূজা উদযাপনৰ ব্যাপক আয়োজন

তৌভঙা বনিক সন্থাৰ সৌজন্যত দুৰ্গা পূজা উদযাপনৰ ব্যাপক আয়োজন

author-image
Asomiya Pratidin
New Update
তৌভঙা বনিক সন্থাৰ সৌজন্যত দুৰ্গা পূজা উদযাপনৰ ব্যাপক আয়োজন

ডিজিটেল সংবাদ,জামুগুৰিহাট: অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটৰ তৌভঙা বনিক সন্থাৰ সৌজন্যত শ্ৰীশ্ৰী দুৰ্গা পূজা উদযাপনৰ ব্যাপক আয়োজন চলিছে৷ শাৰদীয় দুৰ্গোৎসৱক আদৰিবলৈ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে পূজা উদযাপন কমিটি সমূহৰ বিষয়ববীয়া ও কৰ্ম-কৰ্তা সকল।

Advertisment

দুৰ্গা পূজালৈ মাজত মাত্ৰ দুটা দিন বাকী থকা বাবে ব্যস্ততা বাঢ়িছে উদযাপন কমিটি সমূহৰ। ১৯৭০ চনতেই শুভাৰম্ভ হোৱা এই শ্ৰীশ্ৰী মা দুৰ্গাৰ পূজা উৎসৱ ভাগ আজি পৰ্যন্ত উলহ-মালহৰে উদযাপন কৰি অহা হৈছে।‌

সেয়েহে টৌভঙা বনিক সন্থাৰ সভাপতি দেৱ ঘিমৰে আৰু সম্পাদক নন্দেশ্বৰ নাতেই সকলো শ্ৰেণীৰ ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

Also Read: অসম সংখ্য়ালঘু সংগ্ৰাম পৰিষদৰ কাৰ্যকৰী সভাপতিক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ...

jamugurihat durga puja