জামুগুৰিহাটত যুৱকৰ মৃতদেহ উদ্ধাৰঃ হত্যাৰ সন্দেহ

জামুগুৰিহাটত যুৱকৰ মৃতদেহ উদ্ধাৰঃ হত্যাৰ সন্দেহ

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত যুৱকৰ মৃতদেহ উদ্ধাৰঃ হত্যাৰ সন্দেহ

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ চামধৰা পানীগাঁৱত শুকুৰবাৰে নিশা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ নিশা এটা বাসগৃহৰ পিছফালে মৃতদেহ উদ্ধাৰ কৰা যুৱকজনক পৰিকল্পিত ভাবে হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালবৰ্গই ৷ ঘটনাৰ বিৱৰণী অনুসৰি, চামধৰা পানীগাঁৱৰ ৰিতুমণী নাথ নামৰ যুৱকজন মিস্ত্ৰীৰ লগত যোগালি কৰি নিজ বাসগৃহত অকলে থাকে ৷

Advertisment

অতি নিৰ্জু প্ৰকৃতিৰ যুৱকজনৰ মাতৃ কিছুদিন পূৰ্বে শিৱসাগৰৰ কন্যাৰ ঘৰলৈ গৈ তাত থকাৰ বাবে অকলশৰীয়াকৈ থকা ৰিতুমণী নাথে নিতৌ ফোনৰ জৰিয়তে মাতৃ আৰু ভগ্নীৰ লগত যোগাযোগ কৰিছিল ৷ কিন্তু বুধবাৰে নিশাৰ পৰা ৰিতুমণীৰ ফোনটো চুইছ অফ হৈ থকাত ভগ্নী আৰু মাতৃ চিন্তিত হৈ পৰে।

পৰিয়ালে ওচৰ-চুবুৰীয়াৰ লগত যোগাযোগ কৰি ৰিতুমণীৰ খবৰ ল'বলৈ আহ্বান জনায় ৷ সেইমৰ্মে গাঁওখনৰ এজন লোকে গাঁওৰক্ষী বাহিনীৰ সদস্যক লগত লৈ ৰিতুমণীৰ বাসগৃহলৈ আহে। লোকজনে শুকুৰবাৰে নিশা তেজেৰে লুতুৰি পুতুৰি অৱস্থাত পিছফালৰ বাৰাণ্ডাত যুৱকজনৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে৷ লগে লগে সমগ্ৰ অঞ্চলটিত হুৱাদুৱা লাগে আৰু আৰক্ষীক বিষয়টি অৱগত কৰে৷

পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰি তদন্ত আৰম্ভ কৰে৷ আজি পুৱাই শিৱসাগৰৰ পৰা ৰিতুমণীৰ ভগ্নী আৰু মাতৃ আহি উপস্থিত হৈ এয়া এক হত্যকাণ্ড বুলি অভিযোগ উত্থাপন কৰে। এই ঘটনাৰ লগত ভাতৃয়ে কাম কৰা কোনো সতীৰ্থ জড়িত থকাৰ সন্দেহ কৰিছে পৰিয়ালে। লগতে আৰক্ষীক উচিত তদন্তৰ দাবী কৰে মৃতকৰ জ্যেষ্ঠ ভগ্নীয়ে ৷

৩ দিন পূৰ্বে যুৱকজনক হত্যা কৰাৰ সন্দেহ কৰা এই ঘটনাটিক লৈ সমগ্ৰ অঞ্চলটিত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ ঘটনাস্থলীত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰি তদন্ত আৰম্ভ কৰিছে ৷

Also Read: উমকিয়াঙত‌ বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ...

jamugurihat boy died body rescued sonitpur police