জামুগুৰিহাটত বিজেপিৰ সদস্যতা অভিযান কৰ্মশালা সম্পন্ন

জামুগুৰিহাটত বিজেপিৰ সদস্যতা অভিযান কৰ্মশালা সম্পন্ন

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত বিজেপিৰ সদস্যতা অভিযান কৰ্মশালা সম্পন্ন

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ তৌভঙাত দেওবাৰে বিজেপিৰ উত্তৰ নদুৱাৰ মণ্ডলৰ উদ্যোগত এখন সদস্যতা অভিযান কৰ্মশালা অনুষ্ঠিত হয়৷ নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিজেপিৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক ডা° ৰঞ্জন কুমাৰ গগৈয়ে অংশগ্ৰহণ কৰে।দলীয় কাৰ্য্য-কৰ্তা সকলক সদস্যতা ভৰ্তিৰ নিয়মাৱলী আৰু সদস্য বৃদ্ধিৰ কৌশল সন্দৰ্ভত সু দিহা-পৰামৰ্শ আগবঢ়াই গগৈয়ে ৷

Advertisment

অঞ্চলটোৰ মিচিং জনগোষ্ঠীয় যুৱক-যুৱতী সকলে পৰিবেশন কৰা গীত-নৃত্যৰ মাজেৰে সভাখন অনুষ্ঠিত হয়। আজিৰ সভাত গণশক্তিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক পদেশ্বৰ মিলি, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ সদস্য ৰাজু চিন্টে,জামুগুৰি পৌৰসভা পৌৰপতি পল্লবিতা শৰ্মা মহন্ত,জ্যেষ্ঠ বিজেপি নেতা ক্ষেমৰাজ চেত্ৰীয়ে অংশগ্ৰহণ কৰে। লগতে নিতুমনি বৰা,অজিত পায়েং, কিশোৰ দাহাল আদিয়েও দলীয় সাংগঠনিক দিশত বক্তব্য প্ৰদান কৰে ৷

Also Read: ময়ূৰ বৰগোহাঁয়ে শ্ৰমিকক মাৰপিট কৰাতকৈ খিলঞ্জীয়াৰ বাবে কাম কৰকঃ জিলা কংগ্ৰেছ

jamugurihat bjp meeting