/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-30/bk3yzchg/4.jpg)
ডিজিটেল সংবাদ,জামুগুৰিঃ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত দুদিনীয়া কাৰ্যসূচীৰে চলিছে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহৰ পৰিচালনা কমিটিৰ গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ শিবিৰ ৷ বৃহত্তৰ নদুৱাৰ অঞ্চলৰ মুঠ ১৪ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি, উপসভাপতি সহ ৫ গৰাকীকৈ সদস্যই এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে ৷ বিদ্যালয় পৰিচালনা কমিটিৰ দ্বায়িত্ব- কৰ্তব্য আৰু বিদ্যালয়ৰ গুণগত শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা কমিটিৰ ভূমিকা সম্পৰ্কেও বিষদ আলোচনা কৰা হয়৷
শিক্ষক আৰু অভিভাৱকৰ সমন্বয় অবিহনে বিদ্যালয়ৰ শিক্ষাৰ মান যে উন্নত নহয় এই সন্দৰ্ভত বিষদ আলোচনা আগবঢ়াই জামুগুৰি একাডেমীৰ প্ৰধান শিক্ষক তথা প্ৰশিক্ষণৰ আৰ,পি বাসৱ ভূঞা,আদাৱাৰী চাহ বাগিছা মডেল স্কুলৰ অধ্যক্ষ পদুম দাস,ফকৰুউদ্দিন আলি আহমেদ হাইস্কুলৰ প্ৰধান শিক্ষক খাইৰুল আকণ্ডে ৷ জামুগুৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাই শুভ উদ্ধোধন কৰা প্ৰশিক্ষণ শিবিৰত বি,পি,এম মনোজ শৰ্মা আৰু চি,আৰ,চি,চি হিৰেন নাথেও অংশগ্ৰহণ কৰে ৷
Also Read: স্বপ্ননীলক ৩ দিনলৈ CBI ৰ জিম্মাতঃ দীপাংকৰকো নিজৰ জিম্মাত ল'ব আৰক্ষীয়ে