/asomiyapratidin/media/media_files/2025/06/03/5E2dhlEOriMMHCiq2Zu0.jpg)
ডিজিটেল সংবাদ জামুগুৰিহাটঃ শোণিতপুৰৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত জাহাজ ডুৱা গাঁৱৰ নদীত আজি পুৱা প্ৰায় ৬ বজাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উদ্ধাৰ হোৱা মৃতদেহটো পৰমাইঘুলি গাঁৱৰ নিবাসী ওচমান আলীৰ পত্নী চাইমন নেছাৰ বুলি চিনাক্ত কৰা হৈছে।
ইয়াৰ পিছতে এই ঘটনাক এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে মহিলাগৰাকীৰ আত্মীয়ই। মৃত মহিলাগৰাকীৰ ভাতৃৰ ভাষ্য অনুসৰি মহিলাগৰাকী সোমবাৰে নিশা প্ৰায় ৯ মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল।
এই লৈ বহু খা-খবৰ কৰাৰ লগতে তেওঁৰ সন্ধানত বিচাৰ-খোচাৰো কৰা হৈছিল। কিন্তু তেওঁৰ ক’তো সন্ধান নোলোৱাত পুখুৰীত সন্ধান চলাবলৈ বিচাৰিছিল। কিন্তু সেই সময়তে মৃত মহিলাগৰাকীৰ স্বামী ওচমান আলীয়ে বাধা প্ৰদান কৰে। সেয়ে পুখুৰীত সন্ধান নকৰাকৈয়ে পৰিয়ালৰ লোক উভতি যাবলগীয়া হয়।
পিছত নিশা প্ৰায় ১১ টা মান বজাত ওচমান আলীয়ে আকৌ খবৰ দিয়ে যে তেওঁৰ পত্নীয়ে পৰিধান কৰা কিছু কাপোৰ পানীত পৰি আছে। তাৰ পিছত আজি পুৱা ৰাইজে মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে।
পাছত ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হয় আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰস্থিত কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তাৰোপৰি আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us