ইটাখোলাত আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস উদযাপন

দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক,ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা অনুষ্ঠান সম্পন্ন

author-image
Asomiya Pratidin
New Update
ইটাখোলাত আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস উদযাপন

ইটাখোলাত আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস উদযাপন

ডিজিটেল সংবাদ,চতিয়া : চতিয়াৰ ইটাখোলাস্থিত দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস' উদযাপন কৰা হয় ৷ বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলৰ মাজত ড্ৰাগছ বিৰোধী সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়।

Advertisment

অনুষ্ঠানৰ আঁত ধৰে যুৱ লেখ সাহিত্যিক ,প্ৰাক্তন সাংবাদিক তথা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষ্মীকান্ত বৰাই। উক্ত অনুষ্ঠানটিত অংশগ্ৰহণ কৰে বিশ্বনাথ জিলাৰ আইন সেৱা প্ৰাধিকৰণৰ দুগৰাকী অধিবক্তা মুনমী ভট্টাচাৰ্য্য আৰু পল্লবী বৰাই।

দুয়োগৰাকী অতিথিয়ে ড্ৰাগছ বিৰোধী সজাগতাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ড্ৰাগছৰ বিৰুদ্ধে সজাগ আৰু সচেতন হ'বলৈ ছাত্ৰ-ছাত্ৰী ও শিক্ষক সমাজৰ প্ৰতি আহ্ৱান জনায়।

দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মল্লিকা ভূঞা আৰু চতিয়া থানাৰ আৰক্ষী বিষয়া মহাদেৱ নাথেও নিজ নিজ মন্তব্য আগবঢ়ায়। লগতে ইটাখোলা ব্যৱসায়ী সন্থাৰ সভাপতি অনিল চাহ,গাঁওৰক্ষী বাহিনী সম্পাদক জগত শ্ৰীবাস্তৱকে ধৰি বহুকেইগৰকী গণ্য মাণ্য ব্যক্তিয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ড্ৰাগছ বিৰোধী সজাগতাৰ ওপৰত ইতিবাচক মন্তব্য আগবঢ়ায়।

আইন সেৱা প্ৰাধিকৰণৰ সহযোগী দীপাংকৰ বৰা আৰু পিংকী তছাই ড্ৰাগছ বিৰোধী সজগতা অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

Also Read: কোচ-ৰাজবংশী উন্নয়ন পৰিষদৰ উপাধ্যক্ষৰ বিৰুদ্ধে গৰজি উঠিল নগাঁও জিলা কোচ- ৰাজবংশী সন্মিলনী

International Day Against Drugs Itakhola