Advertisment

প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰত বুকুত সেনাৰ ৯১৬ কিলমিটাৰ দূৰত্ব সামৰি দুঃসাহসিক ৰিভাৰ ৰাফটিং

অৰ্জুন কৰ্ণেল ৰণবীৰ সিঙ জামুৱালৰ নেতৃত্বত ব্ৰহ্মপুত্ৰত বুকুত সেনাৰ ৯১৬ কিলমিটাৰ দুৰত্ব সামৰি দুঃসাহসিক ৰিভাৰ ৰাফটিং। ৬৭৭ কিলোমিটাৰ জলপথ অতিক্ৰমী তেজপুৰত উপস্থিত সেনাৰ দল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
 প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰত বুকুত সেনাৰ ৯১৬ কিলমিটাৰ দূৰত্ব সামৰি দুঃসাহসীক ৰিভাৰ ৰাফটিং

ডিজিটেল সংবাদ তেজপুৰঃ ডাৱৰে আৱৰে অৰুণাচল প্ৰদেশৰ অতি দুৰ্গম এলেকাত অৱস্থিত প্ৰথমখন গাঁও গালিঙৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে প্ৰৱল সোঁতৰ মাজেৰে দুখনকৈ কায়াক নাৱেৰে দুঃসাহসিক ৰিভাৰ ৰাফটিং কৰি ৬৭৭ কিলোমিটাৰ জলপথ অতিক্ৰম কৰি ভাৰতীয় সেনাৰ মহিলাসহ এটা দল শুকুৰবাৰে বিয়লি তেজপুৰৰ ভোমোৰাগুৰিঘাটত উপস্থিত হয়। ইমানেই নহয় এই বৰলুইতৰ বুকুত চলোৱা এই দুঃসাহসীক অভিযানৰ মাজেৰে সেনাৰ দলটোৱে ব্ৰহ্মপুত্ৰৰ বুকুত পোৱা দুষ্প্ৰাপ্য প্ৰজাতিৰ ৰিভাৰ ডলফিন শিহুৰ সন্দৰ্ভত বহু ভাল খবৰো কঢ়িয়াই আনিছে।

Advertisment

 প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰত বুকুত সেনাৰ ৯১৬ কিলমিটাৰ দূৰত্ব সামৰি দুঃসাহসীক ৰিভাৰ ৰাফটিং

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ ডিৰাঙত মুখ্যালয় হিচাবে স্থাপিত নিমাছৰ সঞ্চালক আৰু তিনিবাৰকৈ এভাৰেষ্ট শৃংগ জয় কৰা ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়া ২০১৩ চনত ভাৰত চৰকাৰে অৰ্জুন বটাঁৰে সন্মানিত কৰ্ণেল ৰণবীৰ সিং জামুৱালৰ নেতৃত্বত ১৪ জানুৱাৰীত অৰুণাচল প্ৰদেশৰ প্ৰথমখন গাঁও গালিঙৰ পৰা চিয়াং নদীৰ বুকুৰে ভয়াবহ পৰিস্থিতিৰ প্ৰত্যাহ্বান সন্মুখত লৈ দুঃসাহসীক ৰেফটিং যাত্ৰা আৰম্ভ কৰে। সেই অনুসৰি ভাৰতীয় সেনা বাহিনীৰ এগৰাকী মহিলা সেনা বিষয়াসহ ১৪ জনীয়া দলটো আহি শুকুৰবাৰে সন্ধিয়া তেজপুৰৰ কলিয়াভোমোৰা দলঙৰ তলত ভোমোৰাগুৰি ঘাটত উপস্থিত হয়হি।

 প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰত বুকুত সেনাৰ ৯১৬ কিলমিটাৰ দূৰত্ব সামৰি দুঃসাহসীক ৰিভাৰ ৰাফটিং

উল্লেখ্য যে তিব্বতত ইয়াৰলুং ছাংপু ,অৰুণাচল প্ৰদেশত চিয়াং নদী আৰু অসমত মহাবাহু ব্ৰহ্মপুত্ৰ নামৰে পৰিচিত লুইতৰ বুকুৰে হাটশিঙিমাৰী পৰ্যন্ত ভাৰতৰ ভূখণ্ডত থকা ৯১৬ কিলোমিটাৰ দূৰত্ব এলেকা দুখন কায়াক নাৱেৰে দুঃসাহসিক ৰাফটিং কৰি সম্পূৰ্ণ দৈৰ্ঘ্য কৰিব। অৰুণাচল প্ৰদেশৰ গালিঙৰ পৰা পোন প্ৰথমবাৰৰ কাৰনে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৰে ভাৰতীয় সেনাৰ দলটোৱে বহু শিহৰনকাৰী অভিজ্ঞতাৰে মাজেৰে এই দুঃসাহসীক অভিযান চলাই তেজপুৰত উপস্থিত হয়।

 প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰত বুকুত সেনাৰ ৯১৬ কিলমিটাৰ দূৰত্ব সামৰি দুঃসাহসীক ৰিভাৰ ৰাফটিং

এই সন্দৰ্ভত অভিযানত অংশগ্ৰহণ কৰা দলটোৱে কয়, ব্ৰহ্মপুত্ৰৰ ওপৰত বিস্তৃতভাৱে অধ্যয়ন আৰু নদীৰ কাষৰীয়া লোকসকলৰ ওপৰত সম্যক অধ্যয়ন,মহাবাহু ব্ৰহ্মপুত্ৰৰ শিহু (River Dolphin)কে ধৰি জলচৰ প্ৰাণীৰ ওপৰত অধ্যয়ন আৰু ব্ৰহ্মপুত্ৰ পানী আৰু প্ৰদূষণৰ ওপৰত সম্যক অধ্যয়নেই এই অভিযানৰ মূল উদ্দেশ্য। এইক্ষেত্ৰত এগৰাকী মহিলা চিকিৎসক আৰু সেনা বিষয়াসহ ৰেফটিংত অহা দলটিক আন ৯ গৰাকীয়ে নাৱত যাত্ৰা কৰি সহযোগিতা কৰাৰ লগতে অসমৰ বিভিন্ন স্থানত সাধাৰন লোক, সাংসদ, বিধায়ক আৰু প্ৰশাসনৰ লোকে সহযোগ কৰাৰ কথা অভিযানৰ নেতৃত্ব দিয়া কৰ্ণেল ৰনভীৰ সিং জামুৱালে তেজপুৰত সাংবাদিকৰ আগত সদৰি কৰিছে। 

 প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰত বুকুত সেনাৰ ৯১৬ কিলমিটাৰ দূৰত্ব সামৰি দুঃসাহসীক ৰিভাৰ ৰাফটিং

উল্লেখ্য যে, অৰুণাচলৰ যাত্ৰা স্থলৰ পৰা তেজপুৰ পৰ্য্যন্ত চিয়াং-মহাবাহু ব্ৰহ্মপুত্ৰৰ বক্ষৰে ৬৭৭ কিলোমিটাৰ জলপথ অতিক্ৰম কৰা দলটিৰ মুৰব্বী কৰ্ণেল জামুৱালে তেজপুৰত সাংবাদিকৰ আগত এই দুঃসাহসিক অভিযানত অৰ্জন কৰা অভিজ্ঞতা বৰ্ণনা কৰি অৰুণাচল প্ৰদেশত নাও খৰশ্ৰোতা পানীৰ সোঁতত উটি ওলোটা খাই যোৱাৰ পিছতো অতি সাহসেৰে নাও চলাই কথমপিহে এক ভয়ংকৰ দুৰ্ঘটনাৰ মুখৰ পৰা ৰক্ষা পৰাৰ কথাও দাঙি ধৰে।

 প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰত বুকুত সেনাৰ ৯১৬ কিলমিটাৰ দূৰত্ব সামৰি দুঃসাহসীক ৰিভাৰ ৰাফটিং

আনহাতে সেনাবিষয়াগৰাকীয়ে লুইতৰ বুকুৰে যাত্ৰা কৰাৰ সময়ত তিনিবাৰকৈ শিহু প্ৰত্যক্ষ কৰাৰ কথা ব্যক্ত কৰি ব্ৰহ্মপুত্ৰক প্লাষ্টিক মুক্ত কৰি ৰাখিবৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। উল্লেখ্য যে, আজি নিশা তেজপুৰত অতিবাহিত কৰি কাইলৈ পুৱা পৰবৰ্তী গন্তব্য স্থানলৈ যাত্ৰা কৰিব। জানিব পৰামতে অহা ১০ ফেব্ৰুৱাৰীত ব্ৰহ্মপুত্ৰৰ ২৩৯ কিলোমিটাৰ জলপথ অতিক্ৰম কৰি হাটশিঙিমাৰীত ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত প্ৰবেশৰ প্ৰবেশৰ প্ৰাকক্ষনত ৯১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সামৰণি মাৰিব। 

ভাৰতীয় সেনা তেজপুৰ