জামুগুৰিহাটৰ ইটাখোলাত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ...

জামুগুৰিহাটৰ ইটাখোলাত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ...

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ ইটাখোলাত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ...

জামুগুৰিহাটৰ ইটাখোলাত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ...

ডিজিটেল সংবাদ জামুগুৰিহাটঃ দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ গইনা লৈ একাংশ সুৰা ব্যৱসায়ী ব্যস্ত হৈ পৰিছে অবৈধ অৰুণাচলী সুৰা সৰবৰাহত ৷দুৰ্গা পূজা উপলক্ষে অঞ্চলটোত আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে যদিও একাংশ অসাধু সুৰা বেপাৰীয়ে নিৰ্বিঘ্নে চলাইছে আইন বিৰোধী কাৰ্য্যকলাপ৷

ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি শইকীয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে পুৱতিনিশা তহল দি থকাৰ মাজতে বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা জব্দ কৰাৰ পাছতে এই কথা প্ৰমাণ হৈছে। জানিব পৰা মতে পুৱতি নিশা এজন যুৱকে স্কুটিত কঢ়িয়াই আনিছিল অৰুণাচলী সুৰাৰ কাৰ্টুন সমূহ৷

কিন্তু সেই সময়ত আৰক্ষীক দেখি যুৱকজনে সুৰসহ স্কুটিখন এৰি পলায়ন কৰে। আৰক্ষীৰ দলটোৱে অবৈধ সুৰাখিনিৰ সৈতে এ এছ ১২ এ এফ ২৯৫৭ নম্বৰৰ স্কুটিখনো জব্দ কৰিছে।

জামুগুৰিহাট