ডা০ মানস কাথ হাজৰিকাক গুড হেল্থ মেডিকছৰ সম্বৰ্ধনা

ডা০ মানস কাথ হাজৰিকাক গুড হেল্থ মেডিকছৰ সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
ডা০ মানস কাথ হাজৰিকাক গুড হেল্থ মেডিকছৰ সম্বৰ্ধনা

ডিজিটেল সংবাদ,ছয়দুৱাৰ : -গহপুৰ মহকুমাৰ অন্তৰ্গত বালিজান গুৱাধৰা নিবাসী ডাঃ মানস কাথ হাজৰিকাক বুধবাৰে টকৌবাৰী গানুগাঁৱৰ মেচাৰ্চ গুড হেল্থ মেডিকছে সম্বৰ্ধনা জ্ঞাপন কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰত শীৰ্ষ নৱম স্থান লাভ কৰা মেধাৱী ছাত্র ডাঃ মানস কাথ হাজৰিকাই সুখ্যাতিৰে এম বি বি এছ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ গ্ৰাম্য অঞ্চলত চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে আত্মনিয়োগ কৰিছে।

উল্লেখ্য যে ডাঃ মানস কাথ হাজৰিকা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক বীৰেণ কাথ হাজৰিকা আৰু পঞ্চায়ত সচিৱ ৰুণু বৰা কাথ হাজৰিকাৰ সুযোগ্য সন্তান।

অতি সহজ সৰল আৰু অমায়িক যুৱ চিকিৎসকগৰাকীক আজি মেচাৰ্চ গুড হেল্থ মেডিকছৰ স্বত্বাধিকাৰী দীপক পোখ্ৰেল আৰু তেওঁৰ পত্নী অঞ্জু দেৱীয়ে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

Also Read: ধেমালি গুচি হ’ল অঘটন ! তিনিমহলীয়া অট্টালিকাৰ পৰা সৰি মহিলাৰ অকাল বিয়োগ

gohpur