নিৰ্লজ্জ কাণ্ড, নিজ ঘৰৰ পদুলি মুখৰ পৰা অপহৰণ কৰি ধৰ্ষণ যুৱতীক...

গহপুৰত সংঘটিত হৈছে এক মানৱ সমাজক লজ্জানত কৰা এক ঘটনা । এগৰাকী ২০ বছৰীয়া যুৱতীক সন্ধিয়া নিজ গৃহৰ পদুলিৰ পৰা এখন গাড়ীয়ে অপহৰণ কৰি লৈ যায়

author-image
Asomiya Pratidin
New Update
নিৰ্লজ্জ কাণ্ড, নিজ ঘৰৰ পদুলি মুখৰ পৰা অপহৰণ কৰি ধৰ্ষণ যুৱতীক...

representative image

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰত সংঘটিত হৈছে এক মানৱ সমাজক লজ্জানত কৰা এক ঘটনা । এগৰাকী ২০ বছৰীয়া যুৱতীক সন্ধিয়া নিজ গৃহৰ পদুলিৰ পৰা এখন গাড়ীয়ে অপহৰণ কৰি লৈ যায় ।

Advertisment

অপহৰণ কৰি গাড়ীৰ ভিতৰতেই ধৰ্ষণ কৰাৰ দৰে নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে । ধৰ্ষণ কৰি সমগ্ৰ কাণ্ড বন্ধুৰ দ্বাৰা মোবাইলত ৰেকৰ্ডিং কৰাৰ দৰে ঘটনা সংঘটিত হৈছে ৷

শুকুৰবাৰে সংঘটিত এই ঘটনাৰ পাছত ভুক্তভুগী যুৱতীগৰাকীৰ এজাহাৰ ভিত্তিত গহপুৰৰ হাৱাজান আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ লগত জড়িত আটাইকেইজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ।

এই ঘটনাৰ মূল মাষ্টাৰমাইণ্ড পোৰানচাদগৌৰা বসুমতাৰীয়ে নিজৰ নীলা ৰংৰ AS 32 A 1356 ব্ৰীজা গাড়ীত যুৱতীগৰাকীক কিছুদুৰ নিলগলৈ লৈ যায় । পিছত গাড়ীৰ ভিতৰত এই ধৰ্ষণ কাণ্ড সংঘটিত কৰে ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আন চাৰিজন যুৱক হৈছে বিপুল বসুমতাৰী, চংখৰ বসুমতাৰী, চোহেন গয়াৰী আৰু বিজয় মুছাহাৰীয় । বিজয় মুছাহাৰীয়ে সমগ্ৰ ধৰ্ষণ কাণ্ড মোবাইলত ৰেকৰ্ডিং কৰে ।

ঘটনাটোৰ সংক্ৰান্তত ধৃত ৫ যুৱকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধী আইনৰ ১২০(বি),৩৬৬,৩৭৬(ডি), ৫১১,৩৮৫,৩৮৪ আৰু ২৯৪ ধাৰাৰ অধীনত ৯০/২০২৩ নম্বৰত গহপুৰ আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰি যাবতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে গহপুৰ আৰক্ষীয়ে।

Also Read: ডিমৌত হুঁচৰি দলক দুৰ্বৃত্তৰ আক্রমণ, নাচনীক প্ৰহাৰৰ অভিযোগ...

rape gohpur