/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a8536124-6561-4845-a8ed-b819a0cd714d/gohpur_16.jpg)
ভেকুলী ধৰিবলৈ গৈ সলিল সমাধি গহপুৰৰ যুৱকৰ...
ডিজিটেল সংবাদ ছয়দুৱাৰ: গহপুৰ মহকুমাৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত তেলেনীৰ নিখোজ হৈ থকা এজন যুৱকৰ মৃতদেহ আজি উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ মহকুমাটোত। জানিব পৰা মতে,ঘাঁহিগাঁৱৰ দক্ষিণাঞ্চলৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া তেলেনীৰ তিনিজন যুৱক ক্ৰমে গৌতম প্ৰসাদ(২২), ৰাহুল মাল্লা(২৩), মুন মাল্লা(২২)ই বৰশী পাতিবলৈ আৰু বৰশীত টোপ হিচাপে লগাবলৈ মেইলবজাৰৰ পথৰ কাষত ভেকুলী ধৰি আছিল।
শনিবাৰৰ নিশা প্ৰায় ১০-৩০ বজাৰ ঘটনা আছিল সেয়া।তেনেতে উক্ত পথেৰে বন বিভাগৰ এখন গাড়ী আহি তিনিওকে ৰ'বলৈ নিৰ্দেশ দিয়াত তেওঁলোক ভয়ত কম্পমান হৈ তীব্ৰবেগে পানী ফালি পলায়ন কৰে।
বন বিভাগৰ লোকসকলৰ ভয়ত যুৱক তিনিজনৰ কোন কোনফালে গ'ল কোনো নিশ্চয়তা নোহোৱাৰ দৰে অৱস্থা। ইয়াৰে ৰাহুল মাল্লা আৰু মুন মাল্লা মাজনিশা গৈ নিজৰ নিজৰ ঘৰত উপস্থিত হয় যদিও নিখোজ হৈ পৰে গৌতম প্ৰসাদ নামৰ যুৱকজন।
গৌতম প্ৰসাদ নিখোজ হৈ থকাৰ পিছত পৰিয়াল আৰু স্থানীয় ৰাইজে বিচাৰ খোচাৰ কৰাৰ অন্তত আজি দিনৰ প্ৰায় ১১-৩০ বজাত ওচৰৰে এটা দ খাৱৈত উদ্ধাৰ কৰে।পৰবৰ্তী সময়ত ঘাঁহিগাঁও আৰক্ষী চকীৰ আৰক্ষী আৰু কাৰ্য্যবাহী দণ্ডাধীশৰ উপস্থিতিত স্থানীয় ৰাইজে গৌতমৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ নিয়াৰ ব্যৱস্থা কৰে।
উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ষষ্ঠ সংযোজন এলেকাৰ বিভিন্ন জীৱ-জন্তু জনাঞ্চলত প্ৰৱেশ কৰাৰ বাবে উক্ত এলেকাত নিয়মীয়া টহল অব্যাহত আছে বন বিভাগৰ। ইপিনে ৰাহুল আৰু মুন মাল্লাই কিয় উক্ত বিষয়টো নিশাই গৌতমৰ পৰিয়ালক অৱগত নকৰিলে তাকে লৈ আজি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে গৌতমৰ পৰিয়ালৰ লোকে। গৌতমে আন্ধাৰত পানীৰ মাজেৰে দৌৰি পলাওঁতে দ' খাৱৈটোত পৰি মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।