/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-12/dijsqj7e/239.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে ভক্তপ্ৰাণ ৰাইজে অশ্ৰুসিক্ত নয়নৰে মা দুৰ্গা দেৱীক ধৰাৰ পৰা বিদায় দিব। সেয়ে জামুগুৰি আৰক্ষী থানা এলেকাৰ কেইবাখনো দুৰ্গা পূজা কমিটিয়ে দুৰ্গা দেৱীৰ মূৰ্তি জীয়াভৰলী নৈত বিসৰ্জন দিয়া পৰিলক্ষিত হৈছে ৷
আৰক্ষী প্ৰসাশনৰ তৰফৰ পৰাও কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে ৷ এছ ডি আৰ এফ , এন ডি আৰ এফ বাহিনীও সাজু হৈ থকা দেখা গৈছে ৷ দেৱীৰ বিসৰ্জনস্থলীত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি তথা কোনো ধৰণৰ ঘটনা ঘটিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে প্ৰশাসনে।
Also Read: বাঘ ঐ বাঘ : নীলবাগানৰ মেথিগাঁৱত আতংক !
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us