/asomiyapratidin/media/media_files/2025/02/18/Tdu3gan3vqVIca0RMpZq.jpg)
ডিজিটেল সংবাদ বিহালীঃ বিহালী সমষ্টিৰ জিনজিয়া চাহ বাগিচাত পুৱাৰে পৰা সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। সোমবাৰে নিশা বাগিছাৰ সহকাৰী পৰিচালকে জিতেন তাঁতী নামৰ এগৰাকী শ্ৰমিকক খৰি কটাৰ অভিযোগত মাৰপিট কৰাৰ পিছতেই আজি বাগিচাখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
বাগিছাৰ সহকাৰী পৰিচালকগৰাকীৰ বিৰুদ্ধে প্ৰায় কেইবা শতাধিক শ্ৰমিকে আজি বাগিছাৰ কলঘৰৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ইফালে এই উত্তপ্ত পৰিস্থিতিৰ মাজতে আৰক্ষীয়ে বাগিচাখনৰ ৩ গৰাকী সহ পৰিচালকক আটক কৰি নিয়ে।
আৰক্ষীৰ বাহনত সহ পৰিচালক কেইগৰাকীক উঠাই নিয়াৰ সময়ত আকৌ প্ৰবিতাদী শ্ৰমিকসকলে শিলগুটি নিক্ষেপ কৰে। ফলত এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শ্ৰমিকৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰে।
আৰক্ষীয়ে ইতিমধ্যে আটক কৰা সহকাৰী পৰিচালক কেইগৰাকী ক্ৰমে দুৰ্লভ শইকীয়া, জগজিৎ সিঙ, শিৱম শৰ্মা। সম্প্ৰতি পৰিস্থিতি শান্ত যদিও চেপা উত্তেজনাই বিৰাজ কৰিছে বাগিছাখনত।