বিহালীৰ বিহমাৰীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন...

বিহালীৰ বিহমাৰীত ''দ্য লাইটিং লেম্প ফাউণ্ডেশ্বন''ৰ  উদ্যোগত শ্ৰী শঙ্কৰদেৱ নেত্ৰালয় চকু চিকিৎসালয়ৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে৷

author-image
Asomiya Pratidin
New Update
বিহালীৰ বিহমাৰীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন...

ডিজিটেল সংবাদ বিহালীঃ বিহালীৰ বৃহত্তৰ বিহমাৰী অঞ্চলত স্বেচ্ছাসেৱী সংগঠন ''দ্য লাইটিং লেম্প ফাউণ্ডেশ্ব'ন''ৰ  উদ্যোগত ৰাজ্যৰ অগ্ৰণী 'শ্ৰী শঙ্কৰদেৱ নেত্ৰালয় চকু চিকিৎসালয়ৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে এক বিনামুলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে৷ দ্য লাইটিং লেম্প ফাউণ্ডেশ্বনৰ অধ্যক্ষ চিৰঞ্জীৱ পাঠকৰ প্ৰচেষ্টাত পশ্চিম বিহালীৰ অসম-অৰুণাচল সীমান্তৱৰ্ত্তী অঞ্চলৰ অতিসাধাৰণ খাটিখোৱা শ্ৰমজীৱি পৰিয়ালৰ বহুকেইগৰাকী চকুৰ সমস্যাত ভূগি অহা ৰোগীয়ে বিনামূলীয়া চকু পৰীক্ষা শিবিৰত চকু পৰীক্ষা কৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷

Advertisment

স্বেচ্ছাসেৱী সংগঠন দ্য লাইটিং লেম্প ফাউণ্ডেশ্বনৰ অধ্যক্ষ চিৰঞ্জীৱ পাঠকে সদৰি কৰা অনুসৰি ৰাজ্যৰ অগ্ৰণী চকু চিকিৎসালয় শ্ৰী শঙ্কৰদেৱ নেত্ৰালয়ৰ সহযোগত বিহমাৰী গাওঁ পঞ্চায়ত ৰাজহুৱা ভৱনত অনুষ্ঠিত বিনামূলীয়া চকু চিকিৎসা শিবিৰত চকু বিশেষজ্ঞ চিকিৎসকসকলে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ২ শতাধিক লোকে চকু পৰীক্ষা সম্পন্ন কৰি চকুত কেটেৰেক ধৰা পৰা প্ৰায় ৬০ গৰাকী লোকক চিনাক্ত কৰি পৰবৰ্তী সময়ত গুৱাহাটীস্থিত শ্ৰী শঙ্কৰদেৱ নেত্ৰালয় চিকিৎসালয়ত বিনামূলীয়া অহা-যোৱা ব্যৱস্থা আৰু বিনামূলীয়াভাৱে চকুৰ কেটেৰেক অস্ত্ৰোপচাৰ কাৰ্য সম্পন্ন কৰি স্বগৃহত থৈ যোৱাৰ সুব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰে৷

উল্লেখযোগ্য যে, আজি পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে দ্য লাইটিং লেম্প ফাউণ্ডেশ্ব'নৰ উদ্যোগত গুৱাহাটীস্থিত শ্ৰী শঙ্কৰদেৱ নেত্ৰালয়ৰ সহযোগত অনুষ্ঠিত বিনামূলীয়া চকু চিকিৎসা শিবিৰটো শুভ উদ্বোধন কৰে বিহমাৰীৰ সমাজকৰ্মী দেৱকান্ত খেৰুৱাৰে৷ চকু পৰীক্ষা শিবিৰ কাৰ্যসূচীত শ্ৰী শঙ্কৰদেৱ নেত্ৰালয়ৰ চকু চিকিৎসক ডাক্তৰ স্বপ্নালী নাথৰ নেতৃত্বত ১০ জনীয়া সুচিকিৎসকৰ দলটোৱে অঞ্চলটোৰ ২ শতাধিক চকু ৰোগীক চিকিৎসা সেৱা আগবঢ়ায়৷

উল্লেখ্য যে,  চকু চিকিৎসা শিবিৰ কাৰ্যসূচীত সহযোগ কৰে বিশ্বনাথ জিলা বিজেপিৰ সভাপতি অসমী কুমাৰ দাস,অঞ্চলটোৰ সমাজ সৰবৰহী সমাজহিতৈষী যুৱক বসন্ত ৰায় দেৱজিৎ মণ্ডল,সুব্ৰত খেৰুৱাৰ মাধৱ দাসকে আদি কৰি বহু কেইগৰাকী লোকে ৷ সিপিনে দ্য লাইটিং লেম্প ফাউণ্ডেশ্বনৰ অধ্যক্ষ চিৰঞ্জীৱ পাঠকৰ এই প্ৰচেষ্টাক অঞ্চলবাসীয়ে শলাগ লৈছে৷

 

বিহালী