কোন এই বহুৰূপী মুনীন্দ্ৰ কোঁৱৰ? কোটি কোটি টকা আত্মসাৎ কৰি পলায়ন...

কোন এই বহুৰূপী মুনীন্দ্ৰ কোঁৱৰ? কোটি কোটি টকা আত্মসাৎ কৰি পলায়ন...

author-image
Asomiya Pratidin
New Update
কোন এই বহুৰূপী মুনীন্দ্ৰ কোঁৱৰ? কোটি কোটি টকা আত্মসাৎ কৰি পলায়ন...

কোন এই বহুৰূপী মুনীন্দ্ৰ কোঁৱৰ? কোটি কোটি টকা আত্মসাৎ কৰি পলায়ন...

ডিজিটেল ডেস্কঃ সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত কোটি কোটি টকা আত্মসাৎ কৰি পলায়ন মুখ্যমন্ত্ৰীৰ অ' এছ ডি হিচাপে ভুৱা পৰিচয় দিয়া তেজপুৰৰ এটা প্ৰৱঞ্চকৰ। মুনীন্দ্ৰ কোঁৱৰ নামৰ এই প্ৰৱঞ্চকটোৰ বিৰুদ্ধে পূৰ্বেও আছিল এনেধৰণৰ প্ৰৱঞ্চনাৰ গোচৰ।

Advertisment

উল্লেখ্য যে, তেজপুৰৰ এইটো প্ৰৱঞ্চকে নিজকে এছ আই হিচাপে পৰিচয় দি আহিছিল। আৰক্ষীৰ পোচাক পৰিধান কৰি বাহনত আৰক্ষীৰ ফলক লগায়ো ঘূৰিছিল মুনীন্দ্ৰ কোঁৱৰে।

নিজকে মুখ্যমন্ত্ৰীৰ অ' এছ ডি হিচাপেও পৰিচয় দি প্ৰৱঞ্চনাৰ জাল পতা মুনীন্দ্ৰ কোঁৱৰে প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰা ধনেৰে বিলাসী জীৱন উপভোগ কৰি আহিছিল। কেইবাখনো বাহনৰ গৰাকী এই প্ৰৱঞ্চকটোৱে প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰা ধনেৰে ঘূৰিছিল বিলাসী অ'ডি বাহনত।

শেহতীয়াকৈ তেওঁ সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত একাংশ লোকৰ পৰা কোটিৰ ঘৰত ধন সংগ্ৰহ কৰি পলায়ন কৰিছে। ফলত মুনীন্দ্ৰ কোঁৱৰক সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰৰ বাবে ধন দি সৰ্বস্বান্ত হোৱা ভুক্তভোগী এতিয়া আৰক্ষীৰ কাষ চাপিছে।

তেওঁলোকে চি আই ডি, দিছপুৰ আৰক্ষী থানা আৰু ডি চি পি (পূৱ) কাৰ্যালয়টো গোচৰ ৰুজু কৰিছে। পূৰ্বেও এইদৰে বহু যুৱকক চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি জে'ললৈ গৈছিল এই প্ৰৱঞ্চকটো।

২০১৭ চনত পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এই প্ৰৱঞ্চটোক। অসম আৰক্ষী আৰু তেজপুৰ মেডিকেল কলেজত চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰিছিল ধন।

জে'ললৈ গৈয়ো আত্মশুদ্ধি নোহোৱা এই প্ৰৱঞ্চকটোৱে পুনৰ কোটি কোটি টকা সংগ্ৰহ কৰি এইবাৰ অসম ত্যাগ কৰিছে। জানিব পৰা মতে শেহতীয়াকে তেওঁৰ মোবাইলৰ ল'কেশ্যন দিল্লী, মুম্বাই আদিত পোৱা গৈছে।

Also Read: উৎকোচ লৈ হাত দাঙিলে বঙাইগাওঁ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে...

অপৰাধ