তেজপুৰত বন বিভাগৰ অভিযানত চোৰাং বালি ভৰ্তি চাৰিখন বাহন জব্দ...

বন আইন উলংঘনেৰে একাংশ লোকে বিগত দিন ধৰি তেজপুৰত জধেমধে চোৰাংভাৱে শিল-বালিৰ সৰবৰাহ কৰি আহিছে। আজি তেনেদৰে অবধৈভাৱে আইন ভংগৰে চোৰাং বালি সৰবৰাহ কৰা চাৰিখন বাহন জব্দ কৰিছে।

author-image
Asomiya Pratidin
New Update
তেজপুৰত বন বিভাগৰ অভিযানত চোৰাং বালি ভৰ্তি চাৰিখন বাহন জব্দ...

ডিজিটেল সংবাদ তেজপুৰঃ বন আইন উলংঘা কৰি একাংশ লোকে বিগত দিন ধৰি তেজপুৰত জধেমধে চোৰাংভাৱে শিল-বালিৰ সৰবৰাহ কৰি আহিছে। ইমানেই নহয় তেজপুৰকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে বালিৰ খনন চলাই পৰিবহণ বিভাগৰ নিয়ম উলংঘন কৰি ডাম্পাৰেৰে অত্যাধিক পৰিমানৰ বালি দিনে নিশাই ১৫ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে চাৰিলেন যুক্ত পথেৰে সৰবৰাহ কৰি আহিছে।

Advertisment

এইক্ষেত্ৰত তেজপুৰৰ বনাঞ্চলিক বিষয়া দেৱজিত শইকীয়াৰ নেতৃত্বত বন বিভাগৰ এটা দলে আজি দোলাবাৰী আৰু ভোমোৰাগুৰি অঞ্চলত অভিযান চলাই চোৰাং বালি সৰবৰাহ কৰা ২ খন ডাম্পাৰ,২ খন বলেৰ' পিকআপ বাহন জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে বাহন চাৰিখনে চোৰাং বালি তেজপুৰৰ পৰা কলিয়াবৰ অভিমুখে কঢ়িয়াই নিছিল। উল্লেখ্য যে বন বিভাগে জব্দ কৰা আটাইকেইখন বাহন ভোমোৰাগুৰি খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ লৈ যায়। অভিযোগ মতে ৰাজনৈতিক ছত্ৰছায়াতে তেজপুৰ অঞ্চলত বালিৰ চোৰাং ব্যৱসায় তথা সৰবৰাহ চলি আহিছে। 

তেজপুৰ