
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়াৰ ১ নং নলবাৰীৰ দেৱ নাথৰ ব্ৰয়লাৰ ফাৰ্মত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত নিমিষতে ভষ্মীভূত হৈ ব্ৰয়লাৰ ফাৰ্মখন৷ দুৰ্ভাগ্যজনকভাৱে ব্ৰয়লাৰ ফাৰ্মখনত থকা প্ৰায় ১২০০ ব্ৰয়লাৰৰ পোৱালি জুইত জাহ যায়৷
স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই অগ্নি নিৰ্বাপনৰ চেষ্টা চলায়৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীয়ে ভষ্মীভূত হোৱা ফাৰ্মখনৰ বাকী অংশৰ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ চৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷ এই অগ্নিকাণ্ডৰ ফলত সহ আনুমানিক ৯ লাখ টকাৰ ক্ষয়ক্ষতি হোৱাৰ কথা প্ৰকাশ কৰিছে দেৱ নাথে।