/asomiyapratidin/media/media_files/2025/01/31/PotcZIFEFiKkNOK8hZPM.jpg)
ডিজিটেল সংবাদ তেজপুৰঃ শোণিতপুৰ পশ্চিম বন সংমণ্ডলৰ বন প্ৰাধিকাৰী (ডি এফ অ') নৃপেন্দ্ৰ নাথ কলিতাই আজি চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। এইক্ষেত্ৰত জিলাখনৰ বন বিভাগে অৱসৰ গ্ৰহণ কৰা বন প্ৰাধিকাৰীগৰাকীক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনায় ।
তেজপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত অৱসৰপ্ৰাপ্ত বন প্ৰাধিকাৰী নৃপেন্দ্ৰ নাথ কলিতাক জ্যেষ্ঠ বন বিষয়া,বনাঞ্চলিক বিষয়া,বনকৰ্মী আৰু বিভাগীয় কৰ্মচাৰীসকলে ফুলাম গামোচা, শৰাই, আলোকচিত্ৰ, সম্বৰ্ধনা পত্ৰ আৰু স্মাৰক আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
সভাত অৱসৰী বন প্ৰাধিকাৰী নৃপেন্দ্ৰ নাথ কলিতাৰ সহধৰ্মিণীও উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us