জামুগুৰিহাটত নকল টকাৰ পিছত এইবাৰ জব্দ নকল সোণ; আটক...

জাল নোটৰ পিছত এইবাৰ জামুগুৰিহাটত জব্দ কৰা হৈছে নকল সোণ। আটক কৰা হৈছে নকল সোণৰ ব্যৱসায়ী চক্ৰক

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত নকল টকাৰ পিছত এইবাৰ জব্দ নকল সোণ; আটক...

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটত নকল সোণসহ আটক এজন। জাল নোটৰ পিছত এইবাৰ জামুগুৰিহাটত জব্দ কৰা হৈছে নকল সোণ। লগতে আটক কৰা হৈছে নকল সোণৰ ব্যৱসায়ীক।

Advertisment

আটকাধীন ব্যৱসায়ীজন হ'ল কাছেম আলী। জামুগুৰিহাটৰ ভৰলীচাপৰিৰ পৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে উক্ত সোণৰ নাও। উল্লেখ্য সোণৰ নাওখনৰ ওজন ১ কেজি ৯ শ ৬০ গ্ৰাম ৷ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ বিষয়েৰে জড়িত নকল সোণৰ কথা উত্থাপন হোৱাৰ পিছতে উত্তৰ অসমৰ জামুগুৰিহাটতো তৎপৰ হৈ পৰিছে আৰক্ষী।

Also Read: নাভূত-নাশ্ৰুত! নাজিৰাত গুপ্তধনৰ সন্ধানত নৰবলিৰ চেষ্টা...

Assam police