শিশুক যৌন নিৰ্যাতন কৰি গ্ৰেপ্তাৰ প্ৰাক্তন পঞ্চায়ত সভাপতি, শিক্ষক সোম প্ৰসাদ অৰ্জেল

প্ৰায় ৭০/৭২ বছৰ বয়সীয়া এগৰাকী ব্যক্তি। পঞ্চায়তৰ সভাপতিৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দৰে গুৰু দায়িত্বত আছিল তেওঁ। আজি তেওঁৰে কামনাৰ বলি হ'ল এটি ৮ বছৰীয়া শিশু।

author-image
Asomiya Pratidin
New Update
শিশুক যৌন নিৰ্যাতন কৰি গ্ৰেপ্তাৰ প্ৰাক্তন পঞ্চায়ত সভাপতি, শিক্ষক সোম প্ৰসাদ অৰ্জেল

ডিজিটেল সংবাদ,ছয়দুৱাৰ: প্ৰায় ৭০/৭২ বছৰ বয়সীয়া এগৰাকী ব্যক্তি। পঞ্চায়তৰ সভাপতিৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দৰে গুৰু দায়িত্বত আছিল তেওঁ।

Advertisment

এফালে শিক্ষা আৰু আনফালে পঞ্চায়ত সভাপতিৰ দৰে গধুৰ দায়িত্বত থকা সোম প্ৰসাদ অৰ্জেল নামৰ এই লম্পট ব্যক্তি জনে আজি যিটো জঘণ্য কাণ্ড সংঘটিত কৰিলে সেই কাণ্ডই নাক কাটি হাতত ল'বলগীয়াৰ দৰে এক দুৰ্বিষহ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ছয়দুৱাৰ অঞ্চলত। গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত গমিৰিৰ গধৰীয়া বস্তি নিবাসী তথা গমিৰি গাঁও পঞ্চায়তৰ বিজেপিৰ প্ৰাক্তন পঞ্চায়ত সভাপতি, ছহিদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সোম প্ৰসাদ অৰ্জেলে আজি বিয়লি প্ৰায় ৩-৩০ বজাত নিজৰ ঘৰৰ ভিতৰত ওচৰৰে এগৰাকী চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক অন্তৰ্বাস খুলি অতি আসুৰিকতাৰে যৌন উৎপীড়ন চলাই।

ছাত্রীগৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে সোম প্ৰসাদ অৰ্জেলৰ চোতালত আমলখি বুটলিবলৈ যোৱা ছাত্ৰীগৰাকীক তেওঁ কৌশলেৰে ঘৰৰ কোঠাৰ ভিতৰলৈ টানি নি মুখত গোৰোহাৰে হেঁচি ধৰি অতি জঘন্য ভাবে যৌন উৎপীড়ন চলাই। ধুৰন্ধৰ সোম প্ৰসাদে এই বিষয়ে কাকো নকবলৈ ভাবুকি দিয়ে ছাত্ৰী গৰাকীক।

লম্পট সোমপ্ৰসাদৰ এনে আসুৰিক যৌন উৎপীড়নত অসহায় হৈ কোনো মতে আহি ঘৰ পায়হি ছাত্ৰীগৰাকী। পিছত ছাত্ৰীগৰাকীয়ে সকলো কথা পৰিয়ালৰ লোকক অৱগত কৰাৰ পিছত পৰিয়ালৰ লোকে হেলেম আৰক্ষী থানাত সোম প্ৰসাদ অৰ্জেলৰ বিৰুদ্ধে আজি সন্ধিয়া এখন এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিত হেলেম আৰক্ষীয়ে আজি নিশা প্ৰায় ৮-৩০ বজাত চাহ বাগিচাৰ মাজত লুকাই থকা অৱস্থাৰ পৰা গধৰীয়া বস্তিত গ্ৰেপ্তাৰ কৰে তেওঁক। সভাই সমিতিয়ে নীতি আদৰ্শৰ কথা কৈ ডিঙিৰ শিৰ ফুলি যোৱাকৈ ভাষণ দিয়াত সিদ্ধহস্ত এইজন তথাকথিত শিক্ষাবিদ আৰু সমাজকৰ্মীৰ আছে দুটাকৈ সুঠাম পুত্ৰ আৰু পত্নী।

নামঘৰ-মন্দিৰত পূজা-অৰ্চনা,সেৱা-সৎকাৰ,ঘোষা-শ্লোক আওৰাই জীৱনৰ বিয়লি বেলা অতিক্ৰম কৰিবলগীয়াৰ পৰত নিলাজ মানসিকতাৰ সোম প্ৰসাদ অৰ্জেলে সংঘটিত কৰা এই জঘন্য কাণ্ডই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

তেওঁ দৃষ্টান্তমূলক শাস্তি পোৱাৰ দাবী জনাইছে স্থানীয় ৰাইজে।উল্লেখযোগ্য যে-দুদিন পূৰ্বে কুম্ভমেলাত স্নান কৰি "পবিত্ৰ" হৈ অহা এইগৰাকী সোম প্ৰসাদ অৰ্জলে আজি সংঘটিত কৰে এই অপবিত্ৰ কাণ্ডটো।

যৌন নিৰ্যাতন ছয়দুৱাৰ