/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/1dfe2f6a-ba83-4b32-9e64-f93d0f3b1d73/6.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলা ব্যৱসায়িক কেন্দ্রত বুধবাৰে বিয়লি ৫টা কন্টেনাৰৰ ৭০ গ্ৰাম নিষিদ্ধ ড্ৰাগছসহ এজন ড্ৰাগছ পেডলাৰক গ্ৰেপ্তাৰ কৰে ইটাখোলা আৰক্ষীয়ে। বুধবাৰে বিয়লি ৪মান বজাত এক গোপন সুত্ৰৰ পমখেদি ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাষ্কৰজ্যোতি শইকীয়াৰ নেতৃতত এটি আৰক্ষীৰ দলে বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক নৱ জ্যোতি দাসৰ সযোগত ইটাখোলা ব্যৱসায় কেন্দ্ৰৰ এটি টায়াৰৰ গেৰেজত তালাচী চলাই ৫ টা কন্টেইনাৰৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে৷
আৰক্ষীৰ দলটোৱে ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰী তথা দোকানী ফজল আলি (২৫) ক আটক কৰি থানালৈ লৈ যায়। আনহাতে ড্ৰাগছ পেডেলাৰ ফজৰ আলিয়ে ব্যৱহাৰ কৰি থকা মটৰ চাইকেল খন তন্ন তন্নকৈ পৰীক্ষা কৰি আৰক্ষীৰ দ্বাৰা তালাচী চলোৱাৰ পিছত উক্ত মটৰচাইকেল খনো চুৰি মটৰ চাইকেল বুলি চিনাক্ত কৰা হয় ।
জানিব পৰামতে, ফজৰ আলি পূৰ্বেও ড্ৰাগছৰ সৈতে হাতে লুটে ধৰা পৰি ৰঙা ঘৰৰ আলহী হৈ ওলাই আহিছিল৷ সম্প্ৰতি আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ পেডলাৰ ফজৰ আলিৰ বিৰুদ্ধে গোচৰ পঞ্জীয় কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে৷
Also Read: ১২জন হিৰো আৰু ১৪০কোটি জনতাৰ প্ৰাৰ্থনা...