/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e0935704-825d-4f2c-a5dd-22e5a886d60c/gohpur.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ আৰক্ষীৰ বৃহৎ সাফল্য। খেদি খেদি কৰায়ত্ত কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক। ৰাজগড় আৰক্ষীয়ে ৰাজগড়ৰ পৰা খেদি আনি ১নং চকলাত কৰায়ত্ত কৰে ড্ৰাগছ সৰবৰাহকাৰী মন্টু কুটুম(৪৪)ক । পলায়ন কৰা মন্টুক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে এজাই শূণ্য লৈ গুলী চলায়। লগে লগে বাইক এৰি পানীত জাপ দিয়ে মন্টু কুটুমে। পানীত সাতুৰি গৈ মন্টুক ধৰিবলৈ সক্ষম হয় আৰক্ষী ।
অসম-অৰুণাচল সীমান্তৰ ৰাজগড়ত কোনো ব্যক্তিক দিবলৈ আনিছিল ড্ৰাগছখিনি। আৰক্ষীয়ে মন্টুৰ পৰা ১২ .৫৩ গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে এখন AR 01E4314 নম্বৰৰ ডিছকভাৰ বাইক জব্দ কৰে। ড্ৰাগছৰ আনুমানিক মূল্য ৪০,০০০ টকা।
Also Read: সূৰ্যৰ দৰে জ্যোতিষ্মান আছিল আমাৰ গুৰু শংকৰঃ গোলাব চান্দ কাটাৰিয়া