দিল্লী পাব্লিক স্কুলৰ পৃষ্ঠপোষকতাত পৰিবেশন হ'ব কালজয়ী নাটক ভোগজৰা

জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাপুজী ভৱন পেক্ষাগৃহত বৃহস্পতিবাৰে সন্ধ্যা বাপুজী ভৱন নাট্য সমাজৰ উদ্যোগত আৰু তেজপুৰ দিল্লী পাব্লিক স্কুলৰ সহযোগত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় ৷

author-image
Asomiya Pratidin
New Update
দিল্লী পাব্লিক স্কুলৰ পৃষ্ঠপোষকতাত পৰিবেশন হ'ব কালজয়ী নাটক ভোগজৰা

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাপুজী ভৱন পেক্ষাগৃহত বৃহস্পতিবাৰে সন্ধ্যা বাপুজী ভৱন নাট্য সমাজৰ উদ্যোগত আৰু তেজপুৰ দিল্লী পাব্লিক স্কুলৰ সহযোগত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় ৷ সভাত বাপুজী ভৱন নাট্য সমাজৰ উদ্যোগত মঞ্চস্থ হ'বলগীয়া “ভোগজৰা” নাটখনি দিল্লী পাব্লিক স্কুলৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰাৰ কথা ব্যক্ত কৰে ৷

মনকৰিবলগীয়া যে অসমৰ জনপ্ৰিয় নাট্যকাৰ পংকজজ্যোতি ভূঞাৰ পৰিচালনাত অনুষ্ঠিত হ'বলগীয়া ভোগজৰা নাটখনিৰ মূখ্য চৰিত্ৰত অভিনয় কৰিব চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ ইয়াৰ বাবে বাপুজী ভৱনত সন্ধিয়া আখৰাত ব্যস্ত হোৱা দেখা গ'ল বিধায়ক গৰাকীক ৷ নাটখনি নদুৱাৰ সমষ্টিৰ অন্তৰ্গত কেইবাটাও প্ৰান্তত তথা মঞ্চত অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷

Also Read: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ধোধন কৰিব দেশৰ সৰ্ববৃহৎ সাগৰীয় দলং

delhi public school jamugurihat