গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ ছাত্ৰী দেবাংগনা তাঁতীৰ বিশ্বমুখী যাত্ৰা...

গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ ছাত্ৰী দেবাংগনা তাঁতীৰ বিশ্বমুখী যাত্ৰা...

ডিজিটেল সংবাদ, ছয়দুৱাৰ : এগৰাকী অসম কন্যাৰ বিশ্বমুখী যাত্ৰা। নাম তেওঁৰ দেবাংগনা তাঁতী। গহপুৰ মহকুমাৰ ব্ৰহ্মাজান চাহ বাগিচাৰ দেবাংগনা তাঁতী গহপুৰৰ আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান শংকৰদেৱ শিক্ষা নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰী।

অধ্যয়নৰ উপৰি খেলৰ প্ৰতি অধিক ৰাপ থকা দেবাংগনা তাঁতীয়ে কঠোৰ অধ্যৱসায়, নিয়মীয়া অনুশীলন আৰু মানসিক দৃঢ়তাৰ বলত ৰাছিয়াত অনুষ্ঠিত হ'ব লগা "BRICS SPORTS GAMES KAZAN-2024"ৰ খেলত অংশ ল'বলৈ সুযোগ লাভ কৰাৰ খবৰে উৎফুল্লিত কৰি তুলিছে গহপুৰবাসীক। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ তত্বাৱধানত ৰাছিয়াত অনুষ্ঠিত হ'বলগীয় ট্ৰেডিছনেল ৰেষ্টলিঙত অংশ গ্ৰহণ কৰিবলৈ লাভ কৰা বিষয়টো ইতিমধ্যে All India Traditional Wrestling and Pankration Federationয়ে দেৱাংঙ্গনা তাঁতীক পত্ৰযোগে অৱগত কৰিছে।

কাউঞ্চিল অৱ এছিয়া আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এই খেলখনত তেওঁ অংশগ্ৰহণ কৰিব চৰকাৰী খৰছত। অহা ১৮ জুনৰ পৰা ২৫ জুনলৈ ৰাছিয়াত অনুষ্ঠিত হ'বলগীয়া উক্ত খেলৰ বাবে অহা ২৭ মাৰ্চৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব প্ৰশিক্ষণ।

জানিবলৈ দিয়া মতে গুৱাহাটীত প্ৰশিক্ষণ গ্ৰহণৰ অন্তত তেওঁ উৰা মাৰিব ৰাছিয়ালৈ। দেবাংগনাই ৰাছিয়াত খেলিবলৈ সুযোগ লাভ কৰা খবৰে শংকৰদেৱ শিক্ষা নিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্র-ছাত্ৰীসকলক উৎফুল্লিত কৰি তুলিছে।

এইক্ষেত্ৰত শংকৰদেৱ শিক্ষা নিকেতনৰ অধ্যক্ষ জয়ন্ত শইকীয়াই কয় যে, দেবাংগনাক মানসিক দৃঢ়তা বৃদ্ধি কৰি তোলাৰ ক্ষেত্ৰত বিদ্যালয় কতৃপক্ষই সাহস দি অহাৰ লগতে তেওঁক খেলাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সুবিধা আৰু উৎসাহ যোগাই আহিছিল। দেবাংগনাই ৰাছিয়াত অসম তথা গহপুৰৰ নাম জিলিকাই তুলিব বুলি আশা প্ৰকাশ কৰে জয়ন্ত শইকীয়াই।

উল্লেখ্য যে, পিংকু বৰুৱাৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰা দেবাংগনা তাঁতীয়ে ২০২১-২২ বৰ্ষত Young Female Achiver Award লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও পুনে,মহাৰাষ্ট্ৰ আৰু গুৱাহাটীত অনুষ্ঠিত হোৱা নেছনেল গেমছ আৰু তেজপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। দেবাংগনা তাঁতী ব্ৰহ্মাজান চাহ বাগিচাৰ কৰ্মচাৰী বব্ৰুৱাহন তাঁতী আৰু স্বপ্না দাস তাঁতীৰ জীয়ৰী।

গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ ছাত্ৰী দেবাংগনা তাঁতীৰ বিশ্বমুখী যাত্ৰা...
গোলাঘাটত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ যুৱতীসহ গ্ৰেপ্তাৰ কেইবাজনো

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in