/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-09/mgr4v76k/AP FOR WEB 3.png)
ডিজিটেল সংবাদ,গহপুৰ : বহু চৰকাৰ আহিল, বহু চৰকাৰ গ’ল। কিন্তু কোনো এখন চৰকাৰে গহপুৰৰ ৰাঙিয়াল পঞ্চায়তৰ অন্তৰ্গত বিদ্যালয়লৈ যোৱা পথটো আজিলৈ নিৰ্মাণ নকৰিলে।
যাৰ ফলত অতি বিপদসংকুলভাৱে আহ-যাহ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজ। এই অভিযোগ অঞ্চলটোৰ সচতেন ৰাইজৰ।
গহপুৰৰ গলচেপাৰ কুঁহিমাৰী প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীসকলে দৈনিক নৈ পাৰ হৈ বিদ্যালয়লৈ অহা- যোৱা কৰিব লাগে। বিদ্যালয়খনৰ সন্মুখৰে বৈ যোৱা নৈৰ সুঁতিটোত নাই দলং।
অভিভাৱকসকলে দৈনিক সন্তানসকলক পাৰ কৰাই দিয়ে যদিও শীঘ্ৰেই এখন দলং নিৰ্মাণৰ বাবে অনুৰোধ জনাইছে চৰকাৰক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-09/9ys5gtba/e79cede3-2950-42ba-86e1-6061915314b9.jpg)
জানিবলৈ দিয়া মতে পানী বাঢ়িলে বিদ্যালয়লৈ আহ-যাহ কৰাত অধিক সমস্যাৰ সন্মুখীন হয় শিক্ষকৰ লগতে শিক্ষাৰ্থীৰ । সেয়ে বিদ্যালয়খনলৈ যাবলৈ সুচল ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে।
Also Read: দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল জাপানক : যিকোনো মুহূৰ্ততে আহিব পাৰে ছুনামি !