/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/3e8e9277-0f18-4ac3-ae43-3e47063fe80a/4.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোমবাৰে শতবৰ্ষ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।পুৱা বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাই পতাকা উত্তোলন কৰাৰ অন্তত ১১ বজাত উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উন্মোচন কৰে স্থানীয় বিধায়কপদ্ম হাজৰিকাই।
সন্মুখত প্ৰকাণ্ড গজৰাজক লৈ উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাত অঞ্চলটোৰ শতাধিক বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰে। কেইবা সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই সাংস্কৃতিক শোভাযাত্ৰাত অসমীয়া লোক সংস্কৃতিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি প্ৰতিফলন হয়।
Also Read: শ্বহীদক চৰম অপমান!
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us