/asomiyapratidin/media/media_files/2025/06/04/1O8RYPIHYOmCF0K5fbIB.jpg)
ডিজিটেল সংবাদ গহপুৰঃ আজি পুৱাই গহপুৰৰ সমজিলাৰ গমিৰি মিৰি পথাৰৰ বাঁহনি বাৰীৰ মাজৰ পৰা এটা বাঘৰ পোৱালি উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে স্থানীয় লোকে মণি দাস নামৰ লোকজনৰ বাঁহনি বাৰীত প্ৰথমে প্ৰত্যক্ষ কৰে।
তাৰ পিছতেই লাগে হুৱাদুৱা। বাঘৰ পোৱালি উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ লগে লগেই ভিৰ কৰেহি অঞ্চলটোৰ ৰাইজে। তাৰ পিছতেই ঘটনাৰ খবৰ দিয়া হয় স্থানীয় বন বিভাগক।
পিছত বন বিভাগৰ কৰ্মী আৰু স্থানীয় আৰক্ষীৰ উপস্থিতিত বাঁহনি বাৰীৰ পৰা ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ মনোজ বিশ্বকৰ্মাই অতি নিৰাপদে সেই বাঘৰ পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু পিছত বন বিভাগে চমজি লয়।
উল্লেখযোগ্য যে- মঙলবাৰৰ বিয়লি উক্ত স্থানত বাঘৰ উপস্থিতিৰ বিষয়ে খবৰ পাইছিল বন বিভাগে।বন বিভাগে উক্ত স্থানত বন ফটকা ফুটুৱাৰো ব্যৱস্থা কৰিছিল। সন্দেহ কৰামতে-বন ফটকাৰ শব্দত আন বাঘ কেইটা সেই স্থানৰ পৰা আঁতৰি যায় যদিও বাঁহ গছৰ জোপোহাৰ মাজত সোমাই ৰয় বাঘৰ পোৱালিটো।
মিৰি পথাৰ গাঁৱত বাঘৰ পোৱালিৰ উদ্ধাৰৰ খবৰে সমগ্ৰ গমিৰি অঞ্চলত গভীৰ আতংকৰ সৃষ্টি কৰিছে। বাঢ়নী পানীৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কেইবাটাও বাঘ নিৰাপদ ঠাই বিচাৰি ওলাই আহি এনেদৰে জলাঞ্চলত প্ৰৱেশ কৰা বুলি মন্তব্য কৰিছে প্ৰকৃতপ্ৰেমী ৰাইজে।