/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1e9db394-9e40-444a-8b7e-cfc4f4befbab/6.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত বৃহস্পতিবাৰে নিশা চোৰাং গৰু কঢ়িয়াই অনা বলেৰ’ পিক আপ ভান এখন জব্দ কৰা হয়৷ জামুগুৰি আৰক্ষীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুসুমটোলা মংগলবৰীয়াত অভিযান চলাই জব্দ কৰে এএচ-০২-ডিচি-২২১৯ নম্বৰৰ গাড়ীখন।
জব্দাকৃত গাড়ীখনৰ পৰা উদ্ধাৰ কৰা হয় ৭ টাকৈ চোৰাং গৰু। জানিব পৰা মতে, লক্ষীমপুৰ দিশৰপৰা নগাঁও অভিমুখে আহি থকা অৱস্থাত জব্দ কৰা হয় গাড়ীখন৷ আৰক্ষীৰ অভিযানত চোৰাং গৰুকেইটা উদ্ধাৰ হৈ যদিও বলেৰ’ পিক আপ বাহনখনৰ চালক আৰু হেণ্ডিমেন পলাই সাৰিবলৈ সক্ষম হয়
Also Read: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ অন্তিমটো টানেল বন্ধ