গহপুৰত আয়োজিত বুথ পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

গহপুৰত আয়োজিত বুথ পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

ডিজিটেল সংবাদ, ছয়দুৱাৰ : অৱসৰপ্ৰাপ্ত মুখ্য কৰ আয়ুক্ত হেমন্ত বিজয় মহন্তই বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত এক আশাৰ সঞ্চাৰ ঘটিছে গহপুৰ কংগ্ৰেছত। ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছত থান-বান হৈ পৰা দলটোক পুনৰ সুসংগঠিত কৰি আগবঢ়াই নিবলৈ হেমন্ত বিজয় মহন্তই গ্ৰহণ কৰি আহিছে বিভিন্ন সাংগঠনিক পদক্ষেপ।

ইয়াৰে অংশ স্বৰূপে শনিবাৰে ৭২ নং গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়িগাঁৱৰ বীৰ চিলাৰায় ভৱনত সমষ্টি ভিত্তিত বুথ লেভেল এজেণ্টৰ এখন প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। হেমন্ত বিজয় মহন্তই কংগ্ৰেছত যোগদান কৰাৰ পিছত অনুষ্ঠিত হোৱা প্ৰথমটো সাংগঠনিক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই।

সভাপতি বৰাই উপস্থিত ১৯৮ গৰাকী বুথ পৰ্য্যায়ৰ এজেণ্টক প্ৰশিক্ষণ প্ৰদান কৰি সমাগত লোক সভা নিৰ্বাচনলৈ সাজু হ'বলৈ আহ্বান জনায়। চৰকাৰী বণ্ড বন্ধকত দি পুনৰ ৫০০ কোটি টকাৰ ঋণ ল'বলৈ অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সভাপতি ভূপেন বৰাই।

তেওঁ কয় যে, চৰকাৰী বণ্ড বন্ধকত দি এইখন চৰকাৰে অসমীয়া জাতিৰ অস্তিত্বক ধাৰত পোত যোৱাবলৈ যি পদক্ষেপ লৈছে সেয়া সঁচাকৈয়ে বিচাৰ্য্যৰ বিষয়। ডাবল ইঞ্জিন চৰকাৰখন অসমীয়া জাতিৰ কাৰণে ট্ৰাবল হৈ পৰা বুলি উল্লেখ কৰি কয় যে এইখন চৰকাৰৰ বিৰুদ্ধে মাৰবান্ধি থিয় নিদিলে ধাৰত পোত যাব লাগিব অসমীয়া জাতি।

জাতিক ডুবাবৰ কাৰণেই এইখন চৰকাৰে জাতি, মাটি, ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল নেকি বুলি প্ৰশ্ন উথাপন কৰি বৰাই আৰু কয় যে, "শৰাইঘাটৰ শেষ যুদ্ধ" বুলি কোৱা চৰকাৰখনে চৰকাৰী বণ্ড বন্ধকত দি আকৌ ৫০০ কোটিৰ লোন ল'বলৈ বিচৰা কাৰ্য্য অসম আৰু অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁৰ ১৫ বছৰীয়া কাৰ্য্যকালত ১০ হাজাৰ কোটি টকা লোন লওতে তেওঁক দেশদ্ৰোহী সজোৱা বিজেপিয়ে এতিয়া মাহে মাহে কোটি কোটি টকাৰ লোন লৈ থকা বিষয়টোক কঠোৰ ভাষাৰে সমালোচনা কৰে।

উল্লেখযোগ্য যে, উক্ত শিবিৰটিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা বিশ্বনাথ জিলা কংগ্ৰেছৰ তত্বাবধায়ক অভিজিত হাজৰিকা,উপ-সভাপতি আৰ.পি শৰ্মা, সাধাৰণ সম্পাদক প্ৰেমলাল গঞ্জু আৰু জ্যেষ্ঠ মুখপাত্ৰ বৰ্ণালী ফুকনে ভাষণ প্ৰদান কৰে। আনহাতে শিবিৰৰ অন্তত সভাপতি ভূপেন বৰাই কয় যে, এইখন চৰকাৰৰ দিনত কোনে অগৰু গছৰ ৰমৰমীয়াকৈ ব্যৱসায় কৰিবলৈ সুবিধা পাইছে আৰু এইখন চৰকাৰে কাৰ ঘৰ ভাঙিবলৈ নটিছ পঠিয়াইছে,কাৰ ঘৰৰ মানুহক একে ৰাতিৰ ভিতৰতে বদলিৰ নিৰ্দেশ দিছে সেই কথা এতিয়া অসমৰ মানুহে ভালকৈ উপলব্ধি কৰিছে।

অহা '২৬ৰ বিধানসভা নিৰ্বাচনৰ আগত কংগ্ৰেছ দলে ১৫ টা বিৰোধী দলৰ বিৰোধী ঐক্যমঞ্চৰ সহযোগত অসমৰ সাংবাদিকসকলৰ বাবেও বিভিন্ন আঁচনিৰ কথা নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিব বুলি উল্লেখ কৰে। এইক্ষেত্ৰত তেওঁ কয় যে,একেৰাহে ১০ বছৰ সাংবাদিকতা কৰা সাংবাদিকসকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব।

অনুষ্ঠানত গহপুৰ কংগ্ৰেছৰ নেতা তথা বিশ্বনাথ জিলা কংগ্ৰেছৰ সাধাৰণ জাতি বিকাশ বিভাগৰ নৱনিযুক্ত সভাপতি হেমন্ত বিজয় মহন্তই কয় যে, দীৰ্ঘ দিন বিৰতিৰ পিছত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত আজি অনুষ্ঠিত এই সাংগঠনিক কাৰ্য্যসূচীয়ে গহপুৰ কংগ্ৰেছৰ মজিয়াত এক আশাৰ সঞ্চাৰ ঘটাইছে। '২৬ৰ বিধানসভা নিৰ্বাচনত গহপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব সেয়া ডাঙৰ কথা নহয়।

এতিয়া সংগঠন কৰাৰ সময়। সংগঠনটো সুন্দৰ হ'লে দলীয় কাম কৰি ভাল লাগিব বুলি উল্লেখ কৰে। লগতে তেওঁ কয়- প্ৰাৰ্থী কোন হ'ব তাক থিৰাং কৰিব হাই কামাণ্ডেহে।এতিয়া আমাৰ কাম হৈছে সাংগঠনিক ভেটি মজবুত কৰা।

উল্লেখ্য যে, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা প্ৰশিক্ষণ শিবিৰটোৰ আঁত ধৰে পূব ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি যতীন বৰাই।শলাগৰ শৰাই আগবঢ়াই ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰাম কুমাৰ প্ৰধানে।

গহপুৰত আয়োজিত বুথ পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
ড০ গোবিন্দ প্ৰসাদ শৰ্মালৈ জীৱনজোৰা সাধনাৰ বাবে প্ৰজ্ঞা সাধক সন্মান
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in