
পৰীক্ষাৰ পূৰ্বেই ফাদিল হ'ল নৱম শ্ৰেণীৰ প্ৰশ্নকাকত।
শোণিতপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা।
জিলাখনৰ নৱম শ্ৰেণীৰ মাতৃভাষা আৰু সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল।
২২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল মাতৃভাষাৰ পৰীক্ষা।
আনহাতে ২৪ ফেব্ৰৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল সাধাৰণ বিজ্ঞানৰ পৰীক্ষা।
পৰীক্ষাৰ পূৰ্বেই প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছে দুয়োটা পৰীক্ষা।
এক নিৰ্দেশনা যোগে জিলা পৰীক্ষা সমিতিয়ে এই কথা প্ৰকাশ কৰিছে।
পৰৱৰ্তী সময়ত পৰীক্ষাৰ দিন সন্দৰ্ভত এক জাননী জাৰি কৰা হ’ব বুলি জনাইছে সমিতিয়ে।