/asomiyapratidin/media/media_files/2025/02/25/Ek8wgt6Dyv9hYZfKYAln.jpg)
ডিজিটেল ডেস্কঃ শোণিতপুৰ জিলাৰ মিছামাৰীৰ বান্দৰহাগী গাঁৱত এক জঘন্য ঘটনাৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী ৪০ বছৰীয়া ব্যক্তিয়ে অষ্টম শ্ৰেণীৰ এগাৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
অভিযুক্ত ৪০ বৰ্ষীয় ব্যক্তিজনৰ নাম ছোহৰাম আলম। ছোহৰাম আলমে আদিবাসী সম্প্ৰদায়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীক এটা কোঠাত আৱদ্ধ কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ দাখিল হৈছে মিছামাৰী আৰক্ষী থানাত। সেই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।
এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰা মতে দেওবাৰে বিয়লি ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰত বিদ্যুৎ সংযোগ নথকাৰ বাবে কাষৰ এঘৰ ব্যক্তিৰ ঘৰত মোবাইল ছাৰ্জ দিবলৈ গৈছিল। সেই সময়ত সেই ঘৰখনত এগৰাকী বৃদ্ধা আছিল যদিও কিশোৰীগাৰকীয়ে মোবাইল ছাৰ্জ দিয়াৰ সময়ত তেওঁ ঘৰৰ পৰা আঁতৰি যায়।
এই সকলো দৃশ্য ছোহৰাম আলমৰ ঘৰৰ পৰা দেখি থাকি। ভুক্তভোগী কিশোৰীগৰাকীয়ে অকলেই মোবাইল ছাৰ্জ দি থকা প্ৰত্যক্ষ কৰি ছোহাৰাম আলম নামৰ ব্যক্তিজনে সেই ঘৰটোলৈ যায়। এই সকলো দৃশ্য প্ৰত্যক্ষ কৰি আছিল আকৌ স্থানীয় আন এজন যুৱকে।
তেওঁ জনোৱা মতে আধা ঘণ্টাৰ পাছত কিশোৰীগৰাকীয়ে কান্দি কান্দি সেই ঘৰটোৰ পৰা ওলাই আহে। তাৰ পিছে পিছেই আকৌ ছোহাৰাম আলমো খৰখেদাকৈ ওলাই আহে। তেওঁক কি হৈছে বুলি প্ৰশ্ন কৰাত একো নাই হোৱা বুলি কৈ সেই স্থান ত্যাগ কৰে।
পাছত ভুক্তভোগী কিশোৰীগৰাকীয়ে ঘৰত গোটেই বিষয়টো কোৱাৰ পাছত আৰক্ষীৰ কাষ চাপে। আৰু মিছামাৰী আৰক্ষীয়ে আজি তেওঁক গ্ৰেপ্তাৰ কৰি ন্যায়ালয়ত হাজিৰ কৰিছে। ইফালে ছোহাৰামৰ আত্মীয়ই আকৌ এই ঘটনাক এক ষড়যন্ত্ৰ আখ্যা দিছে। অৱশ্যে আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে সমগ্ৰ বিষয়টো স্পষ্ট হ’ব।