চাৰিদুৱাৰত ১০ লাখ টকাৰ অবৈধ গাঞ্জা জব্দঃ আটক ২

চাৰিদুৱাৰত ১০ লাখ টকাৰ অবৈধ গাঞ্জা জব্দঃ আটক ২

author-image
Asomiya Pratidin
New Update
চাৰিদুৱাৰত ১০ লাখ টকাৰ অবৈধ গাঞ্জা জব্দঃ আটক ২

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ চাৰিদুৱাৰত জব্দ প্ৰায় ডেৰ কুইন্টল গাঞ্জা। অৰুণাচল প্ৰদেশৰ পৰা AS-01-EM-6316 নম্বৰৰ এখন চুইফট ডিজায়াৰ বাহনেৰে নি থকা অৱস্থাত চাৰিদুৱাৰ আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰে।এক গোপন সূত্ৰৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে গাঞ্জা সহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

Advertisment

ধৃত সৰবৰাহকাৰী দুজন ক্ৰমে চিৰাজুলিৰ দিপাংকৰ দাস আৰু পৱিত্ৰ কুড়াল বুলি চিনাক্ত। ইফালে জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ১০ লাখ টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰিছে। জানিব পৰা মতে, অৰুণাচলৰ পৰা মাজবাটলৈ নি আছিল গাঞ্জাখিনি।

Also Read: Smriti Irani: ২০২৫ৰ দিল্লী বিধানসভা নিৰ্বাচনত কেজৰিৱাল Vs স্মৃতি ইৰানী!

ganja seized Chariduwar