Advertisment

ছয়দুৱাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগ সৃজনীশীল সাহিত্য' শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

''মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱৰ সৃষ্টিশীল পদ-ঘোষা, বৰগীত, নাটৰ বচন আজিও অসমীয়া মুখে মুখে। অসমীয়াৰ ৰান্ধে ৰান্ধে নামঘোষাৰ পদাৱলী বিৰাজমান।''

author-image
Asomiya Pratidin
New Update
ছয়দুৱাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগ সৃজনীশীল সাহিত্য' শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

ডিজিটেল সংবাদ গহপুৰঃ ''মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱৰ সৃষ্টিশীল পদ-ঘোষা, বৰগীত, নাটৰ বচন আজিও অসমীয়া মুখে মুখে। অসমীয়াৰ ৰান্ধে ৰান্ধে নামঘোষাৰ পদাৱলী বিৰাজমান।'' আজি ছয়দুৱাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সহযোগত অনুষ্ঠিত আলোচনা চক্ৰখনিত সমল ব্যক্তি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট লেখক ড০ প্ৰফুল্ল কুমাৰ নাথে অংশগ্ৰহণ কৰি এইদৰে বক্তব্য আগবঢ়ায়।

Advertisment

ছয়দুৱাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগ সৃজনীশীল সাহিত্য' শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

তেওঁ ভাষণ প্ৰসংগত সৃজনীশীল লেখাত শৈল্পিক অভিব্যক্তি থাকিব লাগিব বুলি উল্লেখ কৰি কেতবোৰ তথ্যসমৃদ্ধ বক্তব্য ৰাখে। তেওঁ সৃষ্টিশীল লেখাসমূহে সমাজ জীৱনত এক শৈল্পিক আৰু বৌদ্ধিক জাগৰণৰ সূচনা কৰে। বেদ-উপনিসদ, ৰামায়ণ, মহাভাৰতৰ ৰচনা কালৰ শ্ৰীমদ্ভগৱদ গীত আৰু বৈষ্ণৱ যুগত ভাগৱত, কীৰ্ত্তন, নামঘোষা, বৰগীত, অংকীয়া নাটৰ সেই শৈল্পিক অভিব্যক্তিয়ে আজিও সেইসমূহ সাহিত্যক সমৃদ্ধিশালী কৰি আহিছে।

সেই সৃষ্টিসমূহে সদায়ে সমাজলৈ এক বৌদ্ধিক আৰু শৈল্পিক বাৰ্তা বিলাই আহিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ ভাষণ প্ৰসংগত অভিজ্ঞতা, সময় আৰু সমাজৰ বাস্তৱ কথাবাৰ্তা বিলাক পাছৰ কালত সমাজলৈ লৈ যোৱাত লেখকসকল মাধ্যম হিচাপে থিয় দিয়ে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

ছয়দুৱাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগ সৃজনীশীল সাহিত্য' শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ অৰুণিমা হাজৰিকাৰ সভাপতিত্বত দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত সভাখনি উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুতে। অসমীয়া বিভাগৰ অধ্যাপক ড০ ভাস্কৰজ্যোতি গগৈয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱাৰ লগতে অনুষ্ঠানটি সামগ্ৰিকভাৱে আঁতধৰা সভাত ছাত্ৰী মুৰ্ছনা দাসে গীত পৰিৱেশন কৰাৰ লগতে অংকিতা বৰুৱাই দেৱকান্ত বৰুৱাৰ কবিতা আবৃত্তি কৰাৰ লগতে সুকন্যা দাসে স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠান জীপাল কৰি তোলে।

সভাত বিশিষ্ট কবি তথা সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন বংশী বৰা, বিশিষ্ট নাট্যকাৰ-অভিনেতা তৰুণ বৰুৱা, গহপুুুৰ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা লেখক জগদীশ শৰ্মা, লেখক-গৱেষক ড০ দুলেন বৰা, কবি-সমালোচক তথা সাংবাদিক বিপুল কুমাৰ দিহিঙীয়া, সদৌ অসম কবি সন্মিলনৰ সম্পাদক অনিত শইকীয়া, কবি ৰূপকোঁৱৰ মিলি, কবি মধুস্মিতা চমুৱা বৰুৱা, চন্দ্ৰা নাথ, শান্তনু বৰাৰ লগতে আলোচনা চক্ৰত মহাবিদ্যালয়ৰ অধ্যাপক সৌমিত্ৰ বৰুৱা, ড০ বিপুল শইকীয়া, ড০ নীলমণি শইকীয়া, ড০ সুশান্ত বৰা, মুকুন্দ উপাধ্যায়কে প্ৰমুখ্য কৰি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক ড০ স্বপ্না কাকতি, অধ্যাপক-অধ্যাপিকা, অসমীয়া বিভাগৰ বিভিন্ন ষাণ্মাষিকৰ ছাত্ৰ-ছাত্ৰী, কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, গহপুৰৰ সাহিত্য জগতৰ ভালেসংখ্যক গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰি অনুষ্ঠান সজীৱ কৰি তোলে।

সমল ব্যক্তি ড০ প্ৰফুল্ল কুমাৰ নাথে বক্তব্য আগবঢ়োৱাৰ পাছতে ছাত্ৰ-ছাত্ৰী আৰু গহপুৰৰ সাহিত্য সমাজৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে প্ৰশ্নোত্তৰ শিতানত অংশগ্ৰহণ কৰি অনুষ্ঠানৰ মান বঢ়ায়।

গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়