/asomiyapratidin/media/media_files/2025/04/26/rIYqKXh57hgG1KTRs7cb.jpg)
ডিজিটেল সংবাদ জামুগুৰিহাটঃ চতিয়াৰ খনাগুৰি গাঁৱত সংঘটিত হৈছে গৰু চুৰি কাণ্ড। একে নিশাই গাঁওখনৰ নিকু শইকীয়া, নাৰায়ণ গগৈ আৰু দেৱেন বৰাৰ ঘৰাৰ গোহালিৰ পৰা চোৰে চুৰি কৰি নিয়ে জাৰ্ছী গাইসহ সাতটাকৈ গৰু।
পুৱাৰ ভাগত গৃহস্থই গোহালিত গৰু নেদেখি মূৰে, কপালে হাত দিবলগীয়া অৱস্থা হৈছে৷ পাছত গৰু চুৰিৰ ঘটনা সন্দৰ্ভত ওচৰ চুবুৰীয়াক অৱগত কৰাৰ লগতে চতিয়া আৰক্ষীক অভিযোগ দাখিল কৰে।
এটা নিশাৰ ভিতৰতে একেখন গাঁৱৰে তিনিখনকৈ ঘৰত এইদৰে গোহালি উদং কৰি চোৰে গৰু চুৰি কৰি নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে। উল্লেখ্য যে বিগত এক-ডেৰ বছৰ ধৰি চতিয়া আৰু জামুগুৰিহাটত সঘনাই গৰু চুৰি কাণ্ড সংঘটিত হৈ অহাৰ ঘটনাই ৰাইজক চিন্তিত আৰু শংকিত কৰি আহিছে।