/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5bb256c8-e5c1-4ada-9137-efa7a4e49eac/GORU 17.jpg)
ৰঙাপৰাত গৰু চোৰৰ সন্ত্ৰাসঃ ৰক্ষা নপৰিল গাভিনী গৰুও...
ডিজিটেল সংবাদ জামুগুৰিহাটঃ শোণিতপুৰৰ ৰঙাপৰাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গৰু চুৰিৰ ঘটনা। যোৱা নিশা ৰঙাপৰাৰ ঠাকুৰবাৰীৰ নিৱাসী বিপিন কুজুৰ নামৰ কৃষক জনৰ গোহালিৰ পৰা এজনী গাভিনী গাই আৰু এটা দমৰা গৰু চোৰে চুৰি কৰি লৈ যায় ।
ইফালে ঠাকুৰবাৰীত থকা খেল পথাৰখন জুৱা-মদৰ ঘাটিত পৰিণত হোৱাৰ ফলত দিনত ছাগলী আৰু নিশা গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা বুলি বিপিন কুজুৰে অভিযোগ কৰিছে। ৰঙাপৰাত গৰু চোৰৰ উপদ্ৰৱে ৰাইজক চিন্তিত কৰি তুলিছে ।
ৰঙাপৰাৰ নাহৰবাৰী, ধূলাপাদু্ং, ঠাকুৰবাৰী আদিকে ধৰি বিভিন্ন ঠাইত প্ৰায়েই সংঘটিত হৈ থকা গৰু চুৰিৰ ঘটনাই কৃষক ৰাইজৰ নিদ্ৰাহৰণ কৰিছে। গৰু চোৰৰ উপদ্ৰৱ ইমানেই বৃদ্ধি পাইছে যে গঞা ৰাইজে গোহালিত গৰু বান্ধি ৰাখিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে।
ৰঙাপৰাৰ এই কেইখন গাঁৱত বিগত বছৰটোৰ পৰা বৰ্তমানলৈকে প্ৰায় শতাধিক গৰু চুৰি হৈছে যদিও ৰঙাপৰা আৰক্ষীয়ে কোনো এটাও গৰু চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে ।
Also Read: উন্নয়নৰ নমুনা! সাঙীত তুলি ৰোগীক লৈ গ'ল চিকিৎসালয়লৈ