বিশ্বনাথ জিলাৰ তিনি বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে সমাপন ভোটগ্ৰহণ

বিশ্বনাথ জিলাখনৰ অন্তৰ্গত বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ৭৪৭ টা ভোটগ্রহণ কেন্দ্ৰত ভোটাৰ ৰাইজে আজি পুৱা ৭.৩০ বজাৰ পৰাই শান্তিৰে ভোটদান কৰে।

author-image
Tushar Pratim
New Update
বিশ্বনাথ জিলাৰ তিনি বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে সমাপন ভোটগ্ৰহণ

ডিজিটেল সংবাদ বিশ্বনাথঃ প্ৰথম পৰ্যায়ত আজি অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচন বিশ্বনাথ জিলাত শান্তিপূৰ্ণভাৱে সমাপন হৈছে।বিশ্বনাথ জিলাখনৰ অন্তৰ্গত বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ৭৪৭ টা ভোটগ্রহণ কেন্দ্ৰত ভোটাৰ ৰাইজে আজি পুৱা ৭.৩০ বজাৰ পৰাই ভোটদান কৰে। 
উল্লেখযোগ্য যে, বিশ্বনাথ বিধানসভা সমষ্টিত ২৫০ টা ভোট গ্ৰহণ কেন্দ্ৰত, বিহালী বিধানসভা সমষ্টিত ২১৫ টা ভোট গ্ৰহণ কেন্দ্ৰত আৰু গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৮২ টা ভোট গ্ৰহণ কেন্দ্ৰত আজি ভোট গ্ৰহণ কৰা হৈছে।

Advertisment

বিয়লি ৪.৩০ বজাত ভোটদান প্ৰক্ৰিয়া অন্ত পৰিছে। বিয়লি ৪.৩০ বজালৈকে জিলাখনত সামগ্ৰিকভাৱে ভোটদানৰ হাৰ হৈছে প্ৰায় ৬৪.৫১ শতাংশ।

অৱশ্যে এই ভোটদানৰ হাৰ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ত আজি নিৰ্বাচন অনুষ্ঠিত হোৱা বিশ্বনাথ নিৰ্বাচনী জিলাৰ অন্তৰ্গত বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধানসভা সমষ্টিৰ সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে ৪,৭৪,৯২৭ গৰাকী।

ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ২,৩৭,৮৩৬ গৰাকী, মহিলা ভোটাৰৰ সংখ্যা হৈছে ২,৩৭,০৮৩ গৰাকী আৰু অন্যান্য ভোটাৰ সংখ্যা হৈছে ৮ গৰাকী। জিলাখনৰ অন্তৰ্গত ১২ টা জিলা পৰিষদ, ৭৩ টা গাওঁ পঞ্চায়ত আৰু ৭৩০ টা গাওঁ পঞ্চায়ত ৱাৰ্ডত মুঠ ১৩১২ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছিল। উল্লেখযোগ্য যে, জিলাখনত ইতিমধ্যে ২৬১ গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।

পঞ্চায়ত নিৰ্বাচন বিশ্বনাথ