জামুগুৰিহাটত বিহুৱা-বিহুৱতীৰ অনুশীলন প্ৰত্যক্ষ কৰিলে মন্ত্ৰী পিয়ুষ হাজৰীকাই...

অহা ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখৰ বাবে হাজাৰ হাজাৰ বিহুৱা বিহুৱতীয়ে বিহু নাচিব । অভিলেখ সৃষ্টিৰ বাবে নাচিবলৈ সাজু হোৱা বিহুৱা-বিহুৱতীসকলৰ আখৰাৰ দৃশ্য প্ৰত্যক্ষ কৰিলে মন্ত্ৰী পিয়ুষ হাজৰীকাই ৷

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত বিহুৱা-বিহুৱতীৰ অনুশীলন প্ৰত্যক্ষ কৰিলে মন্ত্ৰী পিয়ুষ হাজৰীকাই...

বিহুৱা-বিহুৱতীৰ অনুশীলন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অহা ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখৰ বাবে হাজাৰ হাজাৰ বিহুৱা বিহুৱতীয়ে বিহু নাচিব । অভিলেখ সৃষ্টিৰ বাবে নাচিবলৈ সাজু হোৱা বিহুৱা-বিহুৱতীসকলৰ আখৰাৰ দৃশ্য প্ৰত্যক্ষ কৰিলে মন্ত্ৰী পিয়ুষ হাজৰীকাই

Advertisment
বিহুৱা-বিহুৱতীসকল
বিহুৱা-বিহুৱতীসকল

জামুগুৰিহাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত শনিবাৰে সন্ধ্যা চূড়ান্ত অনুশীলনত ব্যস্ত থকা চতিয়া আৰু জামুগুৰিহাটৰ দুই শতাধিক বিহুৱা-বিহুৱতীৰ অনুশীলণ আৰু প্ৰস্তুতি দেখি সন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । লগতে মন্ত্ৰী হাজৰীকাই সকলো বিহুৱা বিহুৱতীসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ।

বিহু অনুশীলন
বিহু অনুশীলন

ইয়াৰ মাজতে কংগ্ৰেছৰ লগত মূখ্যমন্ত্ৰীৰ সম্পৰ্ক এতিয়াও যথেষ্ট ভাল থকা বিষয় প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে সেইটো কোনো মিছা কথা নহয় ৷ কংগ্ৰেছ দলত মূখ্যমন্ত্ৰী মহোদয় ২২ বছৰ আছিল আৰু মইও ১৭ বছৰ ধৰি একেলগে আছিলো ৷

বিহু অনুশীলন
বিহু অনুশীলন

লগতে তেওঁ বিষয়টো সন্দৰ্ভত কয় ইমান বছৰে একেলগে কাম কৰাৰ পিছত তেঁওলোকৰ লগত সম্পৰ্ক ভালে থকাতো স্বাভাৱিক কথা । আৰু সেই সম্পৰ্ক বৰেতমানও থাকিবই বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে দিল্লীৰ মূখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পিয়ুষ হাজৰিকাই কয় যে কেজৰিৱাল বেছি পঢ়া মানুহ সেইবাবে ভূল কৰে ৷ সেয়ে তেওঁক কোৰ্টে কালি জৰিমনা বিহে ৷ গতিকে বেছি পঢ়ি এনেকৈ জৰিমনা ভৰাতো লাজৰ কথা বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷

Also Read: দুদিনৰ বাবে বন্ধ থাকিব কাজিৰঙাৰ ছাফাৰি সেৱা..

#PIJUSHHAZARIKA