বালিপাৰাত ভোগালীৰ ব্যাপক প্ৰস্তুতি

উৰুকাৰ নিশা মেজি তলত হাঁহে-মাহে এসাঁজ খাই আনন্দ উল্লাস কৰিবলৈ সাজু হৈছে সকলো।

author-image
Asomiya Pratidin
New Update
বালিপাৰাত ভোগালীৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ,জামুগুৰিহাট : পদূলিমুখত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু ৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ ব্যতিক্ৰম নহয় শোণিতপুৰৰ বালিপৰাও ৷ বালিপৰাৰ মহিলা সকল ব্যস্ত আখলত ৷

Advertisment

বালিপৰাৰ উদমাৰি গাওঁৰ মহিলাসকল একোগোট হৈ ঢেঁকীত পিঠাগুৰি খুন্দি ব্যস্ত প‍িঠা বনোৱাত। তিলপিঠা, ঘিলাপিঠা, নাৰিকলৰ লাডু, চেকেনা পিঠাকে ধৰি নানাধৰণৰ পিঠা প্ৰস্তত কৰি এতিয়া আলহী আপ্যানৰ বাবে সাঁজু এইসকল মহিলা ৷ উৰুকাৰ নিশা মেজি তলত হাঁহে-মাহে এসাঁজ খাই আনন্দ উল্লাস কৰিবলৈ সাজু হৈছে সকলো।

Also Read: কুজিসত্ৰত ভোগালী বিহুৰ আয়োজন

magh bihu jamugurihat bhogali bihu uruka