ভালুকপুঙত জঘন্য কাণ্ডঃ ১০বছৰীয়া কিশোৰীক অপকৰ্মৰ চেষ্টা

ভালুকপুঙত জঘন্য কাণ্ডঃ ১০বছৰীয়া কিশোৰীক অপকৰ্মৰ চেষ্টা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ ভালুকপুঙত সংঘটিত হৈছে এক জঘন্য ঘটনা। ১০বছৰীয়া কিশোৰীক অপকৰ্মৰ প্ৰচেষ্টা। উল্লখ্য যে অসম অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙৰ নিগমত এজন ৬০ বছৰীয়া বৃদ্ধৰ যৌন নিৰ্য্যাতনৰ বলি হ'ল এগৰাকী কনমানি কিশোৰী।

বিগত ১৮ এপ্ৰিলত ঘৰত কোনো নথকাৰ সুযোগ লৈ বিপুল শইকীয়া নামৰ এজন লোকে সুৰামত্ত অৱস্থাত এগৰাকী কনমানিৰ গোপন অংগত হাত দি অপকৰ্ম কৰিবলৈ চেষ্টা চলাই আৰু এই কথা পৰিয়ালৰ আগত ক'বলৈ মনা কৰি প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। কিন্তু সমগ্ৰ ঘটনা কিশোৰীগৰাকীয়ে নিসংকোচে মাতৃক অৱগত কৰে৷ ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত অভিযুক্ত বিপুল শইকীয়াক পকচ' আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

ভালুকপুঙত জঘন্য কাণ্ডঃ ১০বছৰীয়া কিশোৰীক অপকৰ্মৰ চেষ্টা
শীঘ্ৰেই পাথাৰকান্দিত দক্ষতা বিকাশ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব: মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in